সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ মোৰ সেৱৰণী নৈতিক চৰ্চা আলোচনা আৰু আন্দোলনলৈকো এটা সুছেগ লাভ কৰিছিলো। শ্ৰীযুত ভট্টাচাৰ্যৰ জলন্ত উৎসাহ, উদ্যম আৰু পটৰে মোক অতৰ্কিতভাৱে আগবঢ়াই নি কেতিয়াবা কেননা বিষয়ত সীমা অতিক্ৰম কৰাইছিলগৈ। অৰ্থাৎ মই চকাৰী চাকৰীয়া হেতুকে গা দেখুৱাই যিবিলাক বিষয়ক আলোচনা আৰু আন্দোলনত যোগ দিবলৈ অপাৰগ সেইবোৰ বিষয়ৰে কোনোটোত কেতিয়াবা লুকাব নোৱাৰি ধৰা পৰা হলো। এই কাৰ্যে আনহাতে মোৰ অনিষ্ট চিন্তক দলক সবল কৰিছিল যদিও স্বদেশহিতৈষীতা গয়ে মোক অনেক সময়ত তাৰ প্ৰতি আওকণীয়া কৰিছিল। আনকি ৰাইজৰ অভিযোগৰ প্ৰতিকাৰ কৰাৰ উদ্দেশ্যে আৰু তিনিজন স্থানীয় লোকৰে সৈতে আমি এখন গোপনীয় মেল পাতি লৈছিলো, সেই মেলত মনুৰাম বৰঠাকুৰ, কিনাৰাম গাঁওবুঢ়া, গঙ্গানাথ গোস্বামী পণ্ডিত আৰু মই, এই চাৰিজন মেলুৱৈ আছিলো। যেতিয়াই কোনো ৰাজকৰ্মচাৰীক অত্যাচাৰী দেখোক, যেতিয়াই কোনো কৰ্মচাৰী আইন বিগৰ্হিত অন্যায় আচৰণ কৰা দেখোক আৰু যেতিয়াই কোনো বহুল ক্ষমতা- প্ৰাপ্ত ওখখাপৰ ৰজাঘৰীয়া বিষয়াই ৰাইজৰ প্ৰতি ওপৰহতীয়াকৈ মইমতীয়া আচৰণত ধৰা দেখোহঁক, তেতিয়াই এই মেলৰ বৈঠক হয়, আৰু তাৰ সিদ্ধান্তমতে কাৰ্য হাতত লৈ সমূহ ৰাইজৰ চহী সংগ্ৰহেৰে গৱৰ্ণমেণ্টলৈ অভিযোগ আবেদন পঠোৱা যায়। এতিয়াও সুমৰিলে বৰ সন্তোষ লাগে যে আমাৰ সেইবোৰ অভিযোগৰ আশু প্ৰতিকাৰ লাভ হৈছিল। কিন্তু আমাৰ সেই গুপ্ত মেলৰ আলোচনা আৰু আন্দোলনলৈ সকলো সময়তে সমানে সুবিধা নঘটিছিল , কোনো কোনো গুৰুতৰ বিষয়ৰ বহুল আৰু প্ৰকাশ্য আন্দোলন কৰিব নোৱাৰাত সেই সম্পৰ্কীয় অভিযোগ তুলিবলৈ সুচল পোৱা নগৈছিল। সেই কাৰণে সেই কথালৈ স্বাধীন আৰু মুকলিমূৰীয়া দেশহিতৈষী শ্ৰীযুত ভট্টাচাৰ্যৰে সৈতে ভিতৰুৱাকৈ আলচ পাতিবলৈ ধৰিলো। তেৱো সেইবিষয়ে বহুদিনৰপৰা গুণা-গাঁথা কৰি আছিল। পিচে এই ছেগতে দুইৰৰ মনোভাৱ মিল হোৱাত, দুইৰৰ চিন্তালোচনাৰ ফলত এই স্থিৰ হল যে ৰাইজৰ অভাৱ- অভিযোগ আদিৰ প্ৰতিকাৰ সাধনৰ অৰ্থে তেজপুৰৰপৰা এখন বাতৰিকাকত প্ৰচাৰ কৰাৰ নিতান্ত প্ৰয়োজন। সেই সিদ্ধান্ত প্ৰস্তাৰ কাৰ্যত পৰিণত কৰাৰ অৰ্থে, শ্ৰীযুত ভট্টাচাৰ্যই প্ৰকাশ্যে আৰু মই গোপনে যত্ন-চেষ্টা কৰিবলৈ ধৰিলো। তাৰে ফল তেজপুৰত “অসম চেণ্টেল প্ৰেছ” প্ৰতিষ্ঠা আৰু “অসম বন্তি প্ৰচাৰ। এই বিষয়ে পাচত সুবিস্তাৰিতকৈ সুমৰিবলৈ থাকিল। আমাৰ এইবোৰ দেশহিতকৰ কাৰ্যে শত্ৰু মিত্ৰ উভয়পক্ষৰে দৃষ্টি আকৰ্ষণ কৰিলে। শ্ৰীযুত ভট্টাচাৰ্য টাউনলৈ আহি মোৰ লগ ধৰা দেখিলেই অপৰে ভাবি লয় কিবা এটা ৰাজহুৱা বিষয়ক আলোচনা চলিছে বুলি। আৰু সেইদৰেই আমাৰ গোপনীয় মেলৰ চাৰিজন যেতিয়া একেঠাই হওঁক তেতিয়াই ঘুনুক-ঘানাকলৈ বাজি উঠে, কোনোজন অত্যাচাৰী বা অন্যায়কাৰী কৰ্মচাৰীৰ গাত কিবা এটি ফলিয়াবৰ আগন্তুক মিলিছে বুলি। যিবিলাকে এই মেলৰ অস্তিত্বৰ সম্ভেদ পাইছিল সিবিলাকে তাৰ মেলুৱৈ চাৰিক ‘চতুৰ্বৰ্গ’ নাম দি আনন্দ প্ৰকাশ কৰিছিল। সি বি হওক, এইখিনি সময়তে মই সাহিত্যিক, সামাজিক আৰু ৰাজনৈতিক কাৰ্বনেত সমবায়কৈ নামিছিলো।