সমললৈ যাওক

পৃষ্ঠা:Mor Sowarani.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ সৰ্গ অসম শিক্ষাবিভাগৰ ডিৰেক্টৰ হৈ (Director of Public Instruction, Assam আছিল। কি সিমানতে আগন্তুক আপদৰ আধ্যা পৰা নাছিল , কিয়নো মিঃ উইলচন চাহাৰ আৰু মাহদিয়েকৰ ভিতৰতে পেঞ্চনত অৱসৰ লৈ ঘৰলৈ যাবলৈ সাজু হৈ আছিল। মই যদিও মনৰ বলত সেই আপদলৈ কটাহি কৰা নাছিলো, তথাপি ঈশ্বৰ প্ৰেৰিত দূতস্বৰূপ মোৰ অন্যতম হিতাশী অভিভাবক মণিপুৰৰ পলিটিকেল অফিচাৰে মোৰ সেই দুৰ্যোগৰ সময়তে আহি অসম উপত্যকাৰ জজ কমিচনাৰৰ বিষয়বাব গ্ৰহণ কৰিলেহি। তেখেতে সেই বিষয়ববীয়া ক্ষমতা পোৱাৰ অলপৰ পাচতে চফৰলৈ ওলাই পোন-প্ৰথমে তেজপুৰলৈকে আহে , সেই মাহেন্দ্ৰ- ক্ষণতে তেখেতৰ অনুগ্ৰহত মই উপস্থিত সমস্যাৰ হাত এৰাই মঙ্গলদৈলৈ একটি তহচিলাৰ হৈ আঁতৰি যাওঁ। সেইজন সদাশয় পুৰুষ আন নহয়, মোৰ ল’ৰাকালৰ অভিভাৱক চাহাব তাহানিকালৰ উত্তৰ লক্ষীমপুৰৰ মহকুমাধিপতি কৰ্ণেল মেৱেল। সেই প্ৰসঙ্গত সুমৰিব লগীয়া ভালেমান কথা পাচলৈ থাকিল। আৰু মোৰ লগত ভট্টাচাৰ্যৰ সংসৰ্গও ইমানলৈকে আৰম্ভণৰ উমনি মাথোন , তাৰ ফলাফলৰ বিষয় আগলৈ সুমৰিবলৈ থকা ভালেমান কথা ‘মোৰ সোৱৰণীৰ গৰ্ভত ৰ'ল। তথাপি অলপ আভাস দি থোৱা যায় যে পাচত অৱস্থাৰ ফেৰত সেই তেজী অসমীয়া সাহিত্যিক বন্ধুজনো মোৰ বিপক্ষীয়া শত্ৰুদলৰ হাতত অস্ব হৈ আগবাঢ়িব লগাত পৰিছিল , যিহেতু কমলাকান্ত ভট্টাচাৰ্য নিজ ধৰ্মবিশ্বাস অনুযায়ীকৈ প্ৰকাশ্যে ব্ৰাহ্ম সমাজভুক্ত হোবাত, তেওঁ অন্যতম অসমীয়া ব্ৰাহ্ম বৃদ্ধনেতা লক্ষ্মীকান্ত বৰ- কাকতীৰ সঙ্গী হৈ সততে তেওঁৰ ঘৰত আলহী হব লগাত পৰিছিল , অথচ বৰকাকতী তেখেতৰ সহধৰ্মী বঙ্গালী ব্ৰাহ্ম সমাজৰ মাজত বাস কৰি আছিল , আৰু তেওঁ তেজপুৰ মধ্যছাত্ৰবৃত্তি বঙ্গবিদ্যালয়’ৰ হেডপণ্ডিত গুৰুনাথ দত্ত মহাশয়ৰ জীয়েক শ্ৰীমতী টুলুৰ সৈতে তেওঁৰ বৰপুত্ৰ ব্ৰহ্মানন্দ বৰকাকতীৰ বিয়া পাতি সেই বঙ্গালী পৰিয়ালৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল। গতিকে অসমীয়া সাহিত্যিক হিচাপে মোৰ বিৰুদ্ধে তেজপুৰ প্ৰবাসী বঙ্গীয় নেতাবৰ্গৰ সঙ্গত অযাচিতে ভুক্ত হবলগীয়া হৈছিল; আন কি তেখেত হাৰান বাবুৰ পিৰালি-পিৰালিয়ে লগ চুবুৰীয়া (next door neighbour) আছিল। সেই আলমতে মোৰ বিশ্বস্ত সাহিত্যিক বন্ধু কমলাকান্ত ভট্টাচাৰ্যও অতৰ্কিতভাৱে সেই সাময়িক মোৰ বালী শত্ৰুপক্ষৰ মাজত মিহলি হব লগাত পৰিছিল। তেওঁৰে মোৰ মাজত সাহিত্যিক বন্ধুতাৰ শেহছোৱাত কমলাকান্ত ভট্টাচাৰ্যৰ সম্পৰ্কত স্বয়ম্ভু ‘কাণ কটা ফাইল শিক্ষা- বিভাগীয় ডিৰেক্টৰ চাহাবৰ অফিচত কি সূত্ৰে কেনেকৈ জিলিকিবলৈ পালে সেইবিষয়ক বিবৃতি পাচত যথাঠাইত সুমৰিবলৈ থাকিল। -