এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
একাদশ সৰ্গ ফলত সি এজুপি নতুন ধৰণৰ সাহিত্য বৃক্ষ হৈ ফলৱতী হোৱাত মোৰ অন্তৰত আনন্দ উপচি পৰিল। এই ‘শিক্ষাবিধি’ অসমীয়া শিক্ষকৰ হাতৰ পুথিশ্বৰূপে ভালেমান বছৰ প্ৰচলিত হৈ থাকোঁতেই ভিৰেক্টৰ মিঃ জে, উইলচন চাহাব পেঞ্চনত অৱসৰপ্ৰাপ্ত হৈ যোৱাৰ পাচত অসম শিক্ষা বিভাগীয় কৰ্তৃপক্ষে আৰু এখন ‘শিক্ষকৰ হাতৰ পুথি’ (Teachers' Hand Book of Normal) প্ৰকাশ কৰি তাৰ প্ৰচলন কৰাত মোৰ ‘শিক্ষাবিধি’ৰ প্ৰচলন ক্ৰমাৎ টুটি আহিবলৈ ধৰিলে; এতিয়া তাৰ প্ৰচলন ৰহিত হোৱাৰ দৰেই হৈছেগৈ।