মনটোক দুখ দিব লাখিছে কেলেই? মই খাটিছোঁ আপুনি মোৰ সখীক পাহৰক।”
লক্ষ্মীকান্ত-—“মই এই বিষয়ে ভালেমান ভাবিচিন্তি চাইছোঁ। মোৰ মনে নেমানে। মই পাহৰিব নোৱাৰোঁ আৰু আগলৈকো নোৱাৰিম। তেওঁৰে মোৰে যে বিবাহ হব ইওটো বৰকৈ আশা কৰিব নোৱাৰোঁ যদিও জাতে কুলে একো বাধা নাই। তেওঁ দেখোন মোৰ তেওঁক ভাল পাবলৈ মন যায়। তেওঁক যেন সদায় চকুৰ আগতে ৰাখিম। তুমি অনুগ্ৰহ কৰি মোৰ মনৰ কথাবিলাক তেওঁক জনাবা। কাইলৈ মই মানৰ যুঁজলৈ যাম। সেই যুঁজত মৰোৱেই নে বাটোৱেই কব নোৱাৰোঁ। বাচোঁ যদি মই অহো- পুৰুষাৰ্থ কৰিও মনোমতীক পাবলৈ চেষ্টা কৰিম। মৰোঁ যদিও যুঁজৰ থলিত তেওঁৰ নাম লৈয়েই মৰিম। মোৰ মনত তেওঁক এবাৰ চকুৰ আাগত দেখিবলৈ আৰু তেওঁৰ মিঠা মাত শুনিবলৈ হেপাহ ৰ’ল।”
পমীলা—“আপুনি দেখোন বিৰস মনেৰে কথাবিলাক কবলৈ ধৰিলে। কিবা দেখোন যুঁজলৈ যোৱা কথাও কলে। কিহৰ যুঁজলৈ বা যাব?”
লক্ষ্মীকান্ত—“কিয়! তোমালোকে বুজ পোৱা নাইনে মান ভটিয়াই আহিব লাগিছে। তোমালোকৰ বৰুৱাইনো একো গম পোৱা নাইনে?”
পমীলা—“আমি একো গম পোৱা নাই। সঁচাসঁচিকৈয়ে মান ভটিয়াই আহিছেনে কি?”