পৃষ্ঠা:Manomati.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

"দক্ষিণ-পথাৰত" মহাপ্রভু চাৰিদাঁড়মান বেলি থাকি আকৌ কীৰ্তনঘৰলৈ উলটিল।

 কীৰ্ত্তনঘৰৰ দুৱাৰমুখত এডাল গোট বাঁহ বন্ধা৷ দৌল এৰি আজি তিনি দিন ঘুনুচাৰ ঘৰত থকা দেখি লক্ষ্মী আইৰ কৃষ্ণ গোঁসাইলৈ খঙতে ঠাই নাইকিয়া হৈছে। ঘুনুচাৰ "বাড়িলৈ" খেদি গৈও কৃষ্ণক ওলটাই আনিব নোৱাৰি লক্ষ্মী আয়ে আজি কৃষ্ণ গোঁসাইক তেওঁৰ টোলৰ ভিতৰত সোমাবলৈ বাধা দিছে। সেই কাৰণে আজি লক্ষ্মী আইৰ আদেশ মতে তেওঁৰ ফলীয়া ভকতবিলাকে মহাপ্ৰভুৰ বাট ভেটি ধৰিছে।

 কীৰ্ত্তনঘৰৰ দুৱাৰমুখ পায়েই মহাপ্রভুৰ ফলীয়া ভকতবিলাকে লক্ষ্মী আইৰ ভকতবিলাকক বাট এৰি দিবলৈ কলে। লক্ষ্মী-আইৰ ভকতবিলাকে সেই কথা নুশুনি আৰু বেছিকৈ বাধা দিবলৈ ধৰিলে। দুয়ো পক্ষৰে ভিতৰত পোনেই কথা-বাতৰা কোৱাকুই হ’ল ৷ অৱশেষত দুয়ো পক্ষে মহা সংগ্রাম কৰা থিৰ কৰিলে ৷ তেতিয়া দুয়ো ফালৰে পৰা কুঙ্কুম আৰু আবিৰ বৰষিবলৈ ধৰিলে। বাঁহডালত ধৰি দুয়ো ফালৰ পৰা কঢ়া-আজোৰা লগালে। মহা সংগ্ৰামত মহাপ্ৰভুৰ জয় হ’ল। তেওঁৰ ভকতবিলাকে বাঁহডাল গছকি ভাঙি পেলালে। মহাপ্ৰভুৰ খাটোলা তেতিয়া গড়ৰ ভিতৰত সোমাই কীৰ্ত্তনঘৰৰ চাৰিউফালে ঘূৰিবলৈ ধৰিলে ৷ ঢুলীয়া, কালীয়া, গায়ন, বায়ন ইত্যাদি সকলোৱে মহাপ্ৰভুৰ খাটোলাৰ আগে পাছে গাই বজাই ঘূৰিবলৈ ধৰিলে।

 ফাকুৱাৰ চোঁবিলাকে খোলৰ চেৱে চেৱে অঙ্গি-ভঙ্গি কৰি