পমীলাৰ দৌত্য
শান্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক যুগীৰ পামত দেখি আহিবৰ পিছদিনা পমীলাই দুপৰীয়া খাই বৈ উঠি মনোমতীৰ ঘৰত সোমাই নিজৰ পেৰাৰ পৰা ধুনীয়া ধুনীয়া কানিকাপোৰ বিলাক উলিয়াই পিন্ধিলে। দাপণ চাই এডালো চুলি ইফাল সিফাল নোহোৱাকৈ মূৰটো মেলালে। কপালত এটা সেন্দুৰৰ ফোট ললে। কৰ্পূৰেৰে সৈতে তামোল এখন খাই ওঠ দুটি টিক্টিকীয়া ৰঙা কৰিলে। পেৰাৰ পৰা অলঙ্কাৰ উলিয়াই পিন্ধিলে। হাতৰ আঙুলিত ভাল ভাল বাখৰ-পতোৱা আাঙঠি পিন্ধিলে। গলত গলপতা ললে। হাতত মুঠিখাৰু ললে; কাণত নতুন কৰিয়া এযোৰ আৰিলে আৰু এইদৰে পিন্ধি উৰি সখীয়েকৰ ওচৰলৈ গৈ কলে—“সখি! মই যাওঁ।” মনোমতীয়ে সুধিলে— “সখি! কলৈনো যোৱা?”
পমীলা—“সখি! ভালকৈ ভাবি চোৱাঁচোন।”
মনোমতী—“ছিঃ তোমাৰ কথা বতৰা ভাবিলে লাজ লাগে।”
পমীলা—“মুখতেহে কৈছাঁ চাগৈ। বাৰু তুমি থাকাঁ মই যাওঁ” —এইবুলি পমীলা ঘৰৰ ভিতৰৰ পৰা ওলাল আৰু শান্তিৰাম ভকতৰ বহালৈ আহি শান্তিৰাম ভকতক লগ ধৰি কলে— “আতৈ! আহক।” পমীলাৰ এই কথা শুনি শান্তিৰাম ভকতে সুধিলে—“কলৈ যাব লাগে পমীলা?”