পৃষ্ঠা:Manomati.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
মনোমতী

মাৰি চাই দেখিলে যে পাৰত এটা অসমীয়া মানুহ আছে। খঙতে টেঙুলা নামেৰে মানটোৱে তাৰ দাখন হলকান্ত বৰুৱাৰ গালৈ ফৰ্মুতি মাৰি পঠালে। ভাগ্যে দাখন হলকান্ত বৰুৱাৰ গাত নপৰিল। এনেতে সেনাপতিয়ে মাত লগালে “কিহৰ হাই হৈছে।” টেঙুলাই কলে—“কৰবাৰ এটা অসমীয়া বান্দৰে আমাৰ নাওখন ৰাখিবলৈ কৈছে।” সেনাপতিয়ে কলে—“যা তহঁত চাইটা নামি যা। তাক ধৰি লৈ আহ।” সেনাপতিৰ আদেশ পাই নাৱৰ পৰা চাইটা মানে গিৰিপ্‌ কৰি গৈ হলকান্ত বৰুৱাক নাবলৈ ধৰি আনিলে। তেওঁৰ লগৰ মানুহ কেইটা লৰি পলাই গাৱঁত সোমালগৈ। তেতিয়াই চেঙ্গা গাৱঁত হুলস্থূল লাগি গ’ল। গাৱঁৰ পৰা মানুহবিলাক ফৰিং ওফৰাদি উফৰি ঘৰ-দুৱাৰ এৰি হাবিলৈ পলাল।