সময়ত এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ সুগম নাছিল। সেইদেখি বৰফুকনৰ মানুহবিলাকে গৈ বৰুৱাবিলাকক জাননী দিবলৈ নৌপাওঁতেই ইফালে মান আহি গুৱাহাটী পালে। বৰফুকন আৰু চন্দ্ৰকান্ত ৰজা দুইও আন একো উপায় নেপাই তেওঁলোকৰ লগত অলপ যি সৈন্য সামন্ত অছিল তাৰেই মৰণত শৰণ দি ৰণ এটা কৰিলে, কিন্তু মানৰ সৰহ সৈন্যৰ আগত ঠাৱৰিব নোৱাৰি যুঁজত হাৰিল। বৰফুকনক মানে কাটিলে। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ পলাই গোৱালপাৰালৈ গ’ল। মানে যুঁজ জিকি এফালৰ পৰা দেশ নগৰ উছান কৰি ভটীয়াবলৈ ধৰিলে। এজাক মান দক্ষিণ পাৰেদি গৈ বংশৰ, চমৰীয়া ইত্যাদি ঠাই উঠান কৰিলে। এজাক উত্তৰ পাৰেদি বামেৰে ভটীয়ালে। এজাক ঘাই ব্ৰহ্ম পুত্ৰেৰে ভটিয়ালে আৰু এজাক হাজোৱে চাউলখোৱা নৈৰে নাৱেৰে ভটিয়ালে।
হলকান্ত বৰুৱাই যদি তেওঁৰ জটিয়াবাবাজীৰ মন্ত্ৰণামতে আৰু বুধিমতী ঘৈণীয়েকৰ কথামতে ততালিকে বৰনগৰীয়া চণ্ডী বৰুৱাৰ লগত মিলিলহেতেন, তেন্তে এই দুঘৰ বৰুৱাই লগ লাগি মানক আন একো কৰিব নোৱাৰিলেও সিহঁতক এথেকেচা দিব পাৰিলেহেতেন। কামৰূপীয়া সাধাৰণ প্ৰজাবৰ্গ ভীৰু আৰু কাপুৰুষ নাছিল। কামৰূপীয়া মানুহৰ গাত যথেষ্ট তেজ আৰু বীৰত্ব আছিল, কিন্তু কামৰূপীয়া বিষয়াসকলৰ গাত স্বদেশৰ হিত চিন্তা, স্বদেশক ৰক্ষা কৰা গুণ ফাকি নাছিল। ইজন বিষয়াই সিজনক, সিজনে ইজনক হিংসা কৰা স্বভাৱৰ নিমিত্তেই