সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নগৰীয়া বৰুৱাকো এক সেকা দিব! যেই পিনেই হওক তেওঁ এইবাৰ বৰ নগৰীয়া বৰুৱাৰ ওপৰত পুৰণিকলীয়া শক্ৰ শালিব। এনেকুৱাবিলাক অসদ্‌ অভিপ্ৰায় মনত লৈ তেওঁ মানৰ যুঁজলৈ পুতেকক এৰি থৈ নিজে আহিছিল।

 এইদৰে হলকান্ত বৰুৱাই পথাৰত বাহৰ কৰি থাকোঁতেই সূৰ্য্যদেৱে পচিম আকাশত ঠাই ললে। তেওঁৰ ৰণুৱাবিলাকে চাউল-চৰু লৈ নৈৰ পাৰত ৰন্ধা-বঢ়াৰ আয়োজন কৰিবলৈ ধৰিলে। এনেতে সিফালৰ পৰা প্ৰায় দুশখন নাও চাউলখোৱা নৈৰে ভটিয়াই আহিবলৈ ধৰিলে। প্ৰত্যেকখন নাৱতে কুৰি পঁচিশ জন মূৰত ৰঙা আৰু হালধীয়া কাপোৰৰ পাগুৰি মৰা মানুহ দেখা গ’ল। প্ৰত্যেকখন নাৱৰ পৰা যুঁজৰ বাজনাও বজা শুনা গ’ল। হলকান্ত বৰুৱাই সেই নাওবিলাক দেখি আৰু যুঁজৰ বাজনা শুনি বুজিলে যে যুঁজত বৰফুকন হাৰিছে। নাৱেৰে সেইবিলাক মানসেনা ভটীয়াই আহিছে। তেওঁ এই কথা বুজি ততালিকে দহোটা মানুহ ঘৰৰ ফাললৈ পঠালে; তেওঁৰ লগৰ ৰণুৱাহঁতৰ প্ৰায় পোন্ধৰশমান ৰণুৱাও ঘৰমুখে উলটিল। তেওঁৰ লগত কেৱল পাঁচশমানহে সাহিয়াল সাহিয়াল ৰণুৱা ৰ’ল। তেওঁ তাৰ পিছত কুৰিজন সাহিয়াল ৰণুৱা লগত লৈ মানহঁতৰ নাৱৰ ফাললৈ আগবাঢ়িবলৈ ধৰিলে।

 গুৱাহাটীৰ বৰফুকনে গুৱাহাটীতে মানে সৈতে এটা ৰণ দিছিল। তেওঁ মানে সৈতে ৰণ দিয়াৰ আগেয়ে কামৰূপীয়া বৰুৱাবিলাকলৈ সৈন্য সামন্ত খুজি মানুহ পঠাইছিল। কিন্তু সেই