হলকান্ত বৰুৱা
হলকান্ত বৰুৱাই সেইদিনা ৰণুৱা ছহেজাৰ লৈ “যুগীৰপাম” এৰি চাউলখোৱা মানাহ নদী পাৰ হৈ বেলি ছদাঁড়মান থকাত চেঙ্গা গাওঁ পালেগৈ। তাতে তেওঁ সেই নিশা থাকিবলৈ মন কৰি চাউলখোৱা নৈৰ পাৰত মুকলি পথাৰ এখনত বাহৰ কৰিলে। তেওঁৰ ৰণুৱাহঁতে ওচৰৰ হাবিৰ পৰা লৰালৰিকৈ দুইচাৰিমুঠা খেৰ আৰু দুই চাইটা গাছৰ ঠাল কাটি আনি যাৰ যেনে সুবিধা সেই অনুসাৰে একোডুখৰি চালি কৰি ললে। বৰুৱাইও চালি এখনৰ তলত চাৰিউফালে আৰকাপোৰ এখন বেঢ়ি তেওঁৰ থকা বাহৰটো সজাই ললে।
যুঁজলৈ অহাৰ আগেয়ে হলকান্ত বৰুৱাই মনত দুটি ভাব লৈ আহিছিল। এক ভাব আছিল যে তেওঁ যদি বৰফুকনক লগ পায়গৈ তেন্তে তেওঁ বৰফুকনৰ ফলীয়া হৈ মানৰ লগত ৰণ দিব, আৰু সেই ৰণত যদি জিকিবহে পাৰে তেন্তে তেওঁ বৰফুকনৰ প্ৰিয় পাত্ৰ হৈ বৰনগৰীয়া বৰুৱা যুঁজলৈ নহাৰ বাবে কথা লগাই বৰফুকন আৰু ৰজাৰ হতুৱাই বৰনগৰীয়া বৰুৱাৰ বিষয়খন গুচাই সেই বিষয় তেৱেঁ লব পাৰিব। যদিহে তেওঁ বৰফুকনক সহায় কৰিবলৈ নেপায়, মানক বাটতে ভটীয়াই অহা লগ পায় তেন্তে তেওঁ মানক ধৰি সিহঁতৰে দোৱানীয়া বৰুৱা হব। আৰু সেই বুধিৰেই তেওঁ নিজৰ গাওঁখনো ভালে ৰাখিব; গঢ়গতি বুজি বৰ-