পৃষ্ঠা:Manomati.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
টেঙৰে টেঙৰে

ইমান কৰিও যদি মই সেই ৰত্নটী নেপাওঁ তেন্তে সংসাৰৰ সকলো স্বাৰ্থকে ত্যাগ কৰি বাণপ্ৰস্থী হম।”

 শান্তিৰাম—“আপুনি এনে অঙ্গীকাৰ কৰিব নেলাগিছিল। কি জানি আমাৰ মনোমতী আইদেৱে আপোনাক ভালকে নেপায়? আপোনাক আমাৰ বৰুৱাৰ শক্ৰ বুলি ঘিণায়?”

 লক্ষ্মীকান্ত—“আতৈ! তেওঁ ভাল নাপালেও মই ভাল পাম। তাকে আতৈ! আপুনি তেওঁৰ সেই সখীয়েকজনীক মোক লাগ ধৰিবলৈ কবনে কওক।”

 শান্তিৰাম—( মিচিকিয়াই হাঁহি ) “ভাল কম। বাপ! এতিয়া বিদায় হওঁ।”

 লক্ষ্মীকান্ত—“ভাল আতৈ! কিন্তু কথাটো যেন নেপাহৰে।”

 এই কথাবতৰাৰ পিছত লক্ষ্মীকান্ত বৰুৱা উজ্জ্বল মনেৰে ঘৰলৈ উলটিল। শান্তিৰামেও বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফাললৈ খোজ ললে। তেওঁ যাবৰ পৰত ভাবি গ’ল—“ইয়াকে বোলে ৰূপত বলীয়া হৈ সকলোকে কাতিকৈ থোৱা।”