পৃষ্ঠা:Manomati.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মৰে। মৰিবৰ সময়ত তেওঁ সেই মাউৰী ছোৱালীজনীক আমাৰ বৰুৱাক সপি যায়। বুজৰ বৰুৱাইও তেওঁৰ মৰণকালৰ কথা অনুসৰি সেই ছোৱালীজনীক বয়ে-বস্তুয়ে আনি আজি বাৰবছৰে নিজৰ জীৰ দৰে মৰম কৰি ডাঙৰ দীঘল কৰিছে। সেই গাভৰুজনীৰ নাম মনোমতী। তাৰ পিছত সেই মনোমতী গাভৰুকে লৈ থৈ ডাঙৰ দীঘল কৰা পমীলা নামেৰে আৰু এজনী এজন কলিতা জাতৰে পটোৱাৰীৰ ছোৱালী আছে। তেৱোঁ বৰনগৰীয়া বৰুৱাৰ নিজৰ জীয়েকৰ দৰে। বৰনগৰীয়া বৰুৱাৰ নিজৰ ছোৱালী দুজনী। এজনী ন-দহ বছৰীয়া, এজনী সাত-আঠ বছৰীয়া আৰু এটা পাঁচ বছৰীয়া লৰা। তেওঁৰ আগেয়ে ঘৈণী দুগৰাকী আছিল। আজি তিনি বছৰ হ’ল তেওঁৰ বৰ ঘৈণী জনা ঢুকাইছে। এই সকলত বাজে তেওঁৰ বেটী বন্দী ভালেমান আাছে।”

 লক্ষ্মীকান্ত—“বাৰু আতৈ। বৰনগৰীয়া বৰুৱাৰ পৰিয়াল সকলৰ বিষয়ে জানিলোঁ। তেওঁনো মানুহ কেনে? তেওঁৰনো সৈন্য সামন্ত কিমান?”

 শান্তিৰাম—“বৰনগৰীয়া চণ্ডী বৰুৱা মানুহ উদাৰ প্ৰকৃতিৰ আৰু সৰল চিত্তৰ। তেওঁ পৰোপকাৰী। দোষৰ ভিতৰত এই যে তেওঁ শোপাঢিলা বিধৰ। তেওঁৰ তেৰ চৈধ্য হেজাৰ কোঁচ সৈন্য আছে। সেই সৈন্যবিলাকৰ ওপৰত তিনিজন সেনাপতি আাছে। মই কিন্তু শুনাত শুনিছোঁ সেই তিনিজন সেনাপতি ভাল ৰণুৱা নহয়।”