পৃষ্ঠা:Manomati.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
টেঙৰে টেঙৰে

এই নাম গাই উঠি শান্তিৰাম ভকতে কলে—“বাপ। এটা লেচাৰী গাই এৰিব খোজোঁ।” লক্ষ্মীকান্তই কলে—“ভাল আতৈ!” শান্তিৰামে ধৰিলে—

তোমাৰ বিৰহত হে হৰি
মূৰ্চ্ছা গলে ৰাধা পটেশ্বৰী
ৰাখা ৰাখা ৰাখা ৰাধাৰ জীৱন ধন।
আাকৰী আজলী গোপৱালী
নেদেখি তোমাক পৰে ঢলি
তোমাক লাগিয়া ৰাধাৰ আকুল মন॥
চন্দনৰ লেপ শৰীৰৰ
লাগে বিষ যেন জৰজৰ
তপত নিশাহ সঘনে কাঢ়িছে আতি।
তোমাৰ হৰিহে গুণ স্মৰি
কৃষ্ণ কৃষ্ণ বুলি দেয় গেৰি
শোকতে আকুল তোমাৰ ৰাধিকা সতী
সুকোমল শয্যা বিতোপন
শৰীৰত বিন্ধে কাটা হেন
ক্ষণে উঠে ৰাই ক্ষণে ঢলি ঢলি যাই
বৃন্দাবনৰ মাজত হে হৰি!
এৰিনো আহিলা কেনে কৰি
তোমাৰ কলীয়া অতি নিঠুৰ চিত।