পৃষ্ঠা:Manomati.pdf/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আগেয়েও এই গড় এই মঠ— আৰু এই কীৰ্ত্তনঘৰেই আছিল। কেৱল বাটঘৰটোৰ বাজে ইবিলাক ঘৰৰ চালবিলাক খেৰি আাছিল।

 বেলি ভাটি দিলে। হাজাৰ হাজাৰ মানুহ গৈ কীৰ্ত্তন ঘৰত থুপ খালে। গড়ৰ ভিতৰে বাহিৰে মানুহ হ’ল। বাট-পথৰ সন্ধি নোহোৱাত পৰিল। এনেতে গায়নে, বায়নে, ঢুলীয়াই, ডগৰীয়াই খলক লগাই পেলালে। বামুণ আৰু ভকত সকলে মহাপ্ৰভুক দৌলৰ পৰা নমাই এখন খাটোলাত বহুৱালে। শঙ্খ, ঘণ্টা,ডবা, কাঁহ, ঢোল, খোল ইত্যাদিৰ শবদত বৰপেটা খলক লাগিল। তিৰুতাবিলাকে উৰুলি দিবলৈ ধৰিলে। মহাপ্ৰভু কুৰিপঁচিশজনমান দোলাভাৰিৰ কান্ধত উঠি ঘুনুচাৰ "বাড়িৰ" পৰা লক্ষ্মী আইৰ “গৃহলৈ” আহিবলৈ ওলাল। হেন্দোল্‌দোপ্ কৰি সেই সাগৰ-সদৃশ প্ৰজা খাটোলাৰ পাছে পাছে লৰ ধৰিলে। বাটে বাটে গায়নে গাবলৈ আৰু বায়নে বজাবলৈ ধৰিলে। ফাকু গুৰিৰে আকাশ ৰঙা হ’ল। তিৰুতাবিলাকে জাউত জাউত কৰি গাবলৈ ধৰিলে:—

(ক) কোকিলে কূহৰে ৰাৱ তমালৰ গাছে৷
 বৃন্দাবনৰ মাঝে প্ৰভু! গোপী লৈয়া নাচে॥
 বৃন্দাবনে খেলে খেড়ি নিকুঞ্জ বিহাৰি।
 গোপী সৱে বেঢ়ি ধৰি মাৰে ফিচকাৰি।