পৃষ্ঠা:Manomati.pdf/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আমাৰ মনোমতী সখীয়ে এজন বৰ ধুনীয়া ডেকা দেখা পালে; সেই ডেকাজনক দেখিবৰে পৰা সখীৰ মনত কিবা এটা চিন্তা হৈছে। বোধকৰোঁ তেওঁৰ সেই ডেকাজনত ধাউতি হৈছে। কি কৰিব চাওকচোন আগলৈ উঠি অহা ছোৱালী। নাভাবি নিচিন্তি এনে এটা কথাত মন মেলিলে। এতিয়া আপোনাক মই খাটোঁ সেই ডেকাজনৰনো মন কেনে আপুনি এবাৰ গৈ বুজি আহিব লাগে।

 শান্তিৰাম—“সেই ডেকাজননো কোন?”

 পমীলা—“সেই ডেকাজন হেনো যুগীৰ পামৰ বৰুৱাৰ পুতেক নাম লক্ষ্মীকান্ত।”

 শান্তিৰাম—“তোমাৰ সখীয়েৰাই বৰ বেয়া ঠাইত মন মেলিলে। তুমি জানিব পোৱা যুগীৰ পামৰ বৰুৱাই আমাৰ বৰুৱাক “ঢেকেৰি” বুলি পেটে সমন্বিতে ঘিণায়। এনেস্থলত আমাৰ বৰুৱাইনো তোমাৰ সখীয়েৰাক যুগীৰ পামৰ বৰুৱাৰ পুতেকলৈ দিব বুলি আশা কৰিব পৰা যায়নে? যদি তোমাৰ সখীৰ বৰুৱাৰ পুতেকে সৈতে বিবাহ হবৰে আশা নাই তেন্তে মিছাইনো এইখন লেঠা বঢ়োৱাৰ সকাম কি?”

 পমীলা—“আতৈ। আপুনি বোধকৰোঁ তিৰুতাজাতিৰ মন নুবুজে। শেষত যি হব সহতে ডেকা বৰুৱাৰ ভাবটো কি ইয়াকেহে বুজিব লাগে।

 শান্তিৰাম—“এৰা এতিয়া উষাহৰণৰ খণ্ডহে পাতিব লগাত পৰিল। শেষত ফল বা কি তাকেহে কব নোৱাৰোঁ।”