পৃষ্ঠা:Manomati.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
মনোমতী

তেওঁৰ বাহিৰৰ সকলো ৰঙ-ধেমালিৰ ভিতৰতো তেওঁৰ হৃদয়খনক কিবা এটা পোকে খুলি খুলি খাইছিল। সেই পোক কি আৰু তেওঁৰ হৃদয়ত কেনেকৈ সোমাল ইয়াৰ সবিশেষ আমি এতিয়ালৈকে নেজানিলোঁ। সি যি হওক পিছেও এবাৰ চেষ্টা কৰি চোৱা যাব।

 পমীলাই সখীয়েকৰ পৰা বিদায় লৈ যি সময়ত শান্তিৰাম ভকতৰ ওচৰলৈ আহিছিল, সেই সময়ত আমাৰ শান্তিৰাম আতৈয়ে গা ধুবৰ অভিপ্ৰায়ে গাত তেল ঘঁহিবলৈ ধৰিছিল। এনেতে পমীলা গৈ পালে। পমীলাক দেখি শান্তিৰামে কলে—“আজি আমাৰ আইদেউৰ সখীয়েকৰনো কোন ফালে অহা হ’ল?” পমীলা—“আতৈ! আপোনাৰ গুৰিলৈকে অহা হৈছে।” শান্তিৰাম —“সকাম বা কি?” পমীলা—“বাৰু কম। আপুনি গা ধুই আহকগৈ।” শান্তিৰাম—“বাৰু তেন্তে তুমি অলপ পৰ ইয়াতে বহা। মই গাটো তিয়াই আহোঁ।” পমীলা—“ভাল বাৰু।” শান্তিৰামে তেতিয়া হাতত কলহ এটা লৈ নদীলৈ গা ধুবলৈ গ’ল। নদীত নামি ঘঁহি পিহি গাটো ধুলে আৰু হাতত একলহ পানী লৈ আকৌ ঘৰলৈ আহিল। তেওঁ আহি পাওঁতেই পমীলাই কলে —“আতৈ! আজি দেখোন গাটো ধোৱাত বৰ সোনকাল হ’ল। চুলি নিতিতিলেই হবলা। ” শান্তিৰামে ঘৰৰ ভিতৰত সোমাই কাপোৰ সলাই উত্তৰ কৰিলে—“এৰা নিতিওৱাই বুলিব পাৰা। তোমাক ইয়াত অকলৈ এৰি থৈ দিনৰ দিনটো গা ধুই থাকিবলৈ আকে ভাল নেলাগে নহয়।” পমীলা—“আতৈ! তেওঁ তিনি দাঁড়ৰ কম নহল যেন পাওঁ।”