বৰুৱাৰ আগত বহি খঞ্জুৰি বজাই ৺কৃষ্ণৰ লীলামালা গালে। চওী বৰুৱাই তেওঁৰ গীতত মোহিত হৈ তেওঁক আৰু আন কলৈকো যাবলৈ নিদি নিজৰ হাউলিৰ ভিতৰতে এযোৰ ঘৰ সজাই দি ৰাখি থলে। শান্তিৰাম ভকতো সেই দিনাৰে পৰা বৰুৱাৰ হাউলিতে থাকিল। বৰুৱাই তেওঁক সদাই সিধা, কানি-কাপোৰ দি মৰম কৰিবলৈ ধৰিলে; তেৱোঁ পুৱা-গধূলি বৰুৱাক কীৰ্ত্তন, বৰগীত ইত্যাদিৰ পদবিলাক গাই শুনাই সুখেৰে দিন নিয়ালে।
শান্তিৰাম ভকতৰ সকলোবোৰ গুণ; কেৱল এটা দোষ। তেওঁ কোনো মানুহকে তেওঁৰ আচল চিনাকি নিদিছিল। আন মানুহে তেওঁ ক’ৰ, ক’ত উপজিছিল এইবিলাকৰ কথা সুধিলে তেওঁ সেইবোৰৰ একো উত্তৰ নিদি আন কথা উলিয়াই পহৰাইছিল। কেৱলীয়া হলেও তেওঁৰ মুখত সদায় হাঁহি আৰু প্ৰফুল্লতাৰ ভাব আছিল। তেওঁ সকলোৰে সৈতে নিৰ্দ্দোষ অথচ ধেমেলীয়া কথা কব জানিছিল। তিৰীজাতিক তেওঁ বৰ শ্ৰদ্ধা ভক্তি কৰিছিল। আন কি তেওঁৰ সমান বয়সীয়া কোনো মানুহে আনৰ ঘৰৰ জীয়ৰী বা বোৱাৰীৰ বেয়া কথা কোৱা শুনিলে তেওঁ সেই মানুহৰ ওপৰত বিৰক্ত হৈছিল। লগৰীয়া ডেকাবিলাকে তেওঁক “আতৈ! আাপোনাক এজনী ছোৱালী বিয়া কৰাই দিওঁ দিয়ক” এইদৰে কথা কলে তেওঁ অলপ হাঁহি উত্তৰ দিছিল—“কেলেই লাগিছে? আমি অকলৈ আহিছোঁ অকলৈ যাম।” কিন্তু তেওঁৰ এই এটাইবিলাক স্বভাৱৰ ভিতৰেদি যেয়েই তেওঁৰ হৃদয়ৰ প্ৰকৃত ভাব কি বুজি চাবলৈ মন কৰিছিল সেয়েই এইটো ধৰিব পাৰিছিল যে