পৃষ্ঠা:Manomati.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দশম অধ্যায়
শান্তিৰাম ভকত

 বৰনগৰীয়া চণ্ডীবৰুৱাৰ হাউলিৰ ভিতৰত শান্তিৰাম নামে এজন কেৱলীয়া৷ ভকত আছিল। মানুহজনৰ বয়স দেড়কুৰি বছৰমান হৈছিল। তেওঁ বৰণত তেজগোৰা। তেওঁৰ মুখখন চকলা, মূৰত পাহৰখা চুলি। মানুহজন বৰ ওখও নহয়, বৰ চাপৰো নহয়। হাতভৰিবিলাক শকত-আৱত। গাটো নোদোকা—সাইলাখ যেন গুৰি কঠালটোহে।

 শান্তিৰাম ভকত বৰনগৰৰ মানুহ নাছিল। তেওঁ কৰ মানুহ, আগেয়ে তেওঁ ক’ত আাছিল এই বিলাক কথা কেৱে নেজানিছিল। তেওঁৰ কথা বতৰাৰ পৰা সকলোৱে মুঠতে এইটো থিৰ কৰিছিল যে তেওঁ কামৰূপৰ মানুহ নাছিল। তেওঁ উজনিৰ ফালৰ মানুহ।

 চণ্ডী বৰুৱাৰ হাউলিলৈ অহাৰ আগেয়ে তেওঁ বৰপেটাৰ থানত দুবছৰমান আছিল। তেও দিনে ৰাতিয়ে থানত পৰি আছিল; মাজে সময়ে তেওঁ তেওঁৰ খঞ্জুৰিটো আৰু ওপৰত পিতলখুউৱা লাখুটিডাল লৈ ইফালে সিফালে খুজি মাগি ফুৰিছিল। শান্তিৰাম ভকতৰ মাতটো কোমল আৰু আঁহ নোহোৱা; সেইদেখি তেওঁ যলৈকে গৈ খঞ্জুৰি বজাই গীত গাইছিল ততে তেওঁ মানুহৰ আদৰ পাইছিল।

 এবাৰ তেওঁ সেইবাৰৰ ফাকুৱাৰ আগখিনিতে বৰনগৰীয়া চণ্ডী বৰুৱাৰ নাম শুনি খঞ্জুৰি বজাই মাগিবলৈ আহিছিল। তেওঁ চণ্ডী