মুখত এটা পকি বাটঘৰ। সেই বাটঘৰটোৱেদি সোমায়েই চকুৰ আগতে কীৰ্ত্তনঘৰটো দেখি। কীৰ্ত্তনঘৰটোৰ ওপৰখন টিনৰ,বেৰবিলাক ইটাৰ। তিনিওফালে তিনিখন কাঠি । ঘৰটো ইমান ডাঙৰ আৰু দীঘল যে দেখিলেই মানুহৰ মন স্তম্ভিত হয় আৰু ভাবুকৰ মনত কত ভাবৰ যে সঞ্চাৰ হয় তাক নিজে দেখা ভাবুক এজনেহে বুজিব পাৰে। গড়ৰ উত্তৰ পচিম কোণত ফাকুৱাৰ দৌলটো। সেই দৌলটো সাতঠাক ওখ । তাৰ ওপৰত এটা বৰ ডাঙৰ মঠ। কীৰ্ত্তনঘৰৰ পূব-মূৰত ৺কলীয়া ঠাকুৰৰ মন্দিৰ। সেই মন্দিৰৰ পূবে প্রায় লগালগি এটা চাঙ্গঘৰ। এই চাঙ্গঘৰৰ দুয়োফালে উত্তৰে দক্ষিণে দুটা পূবা পচিমা দালান। সেই দালান দুটি ৺বদুলা আতা, ৺মঠুৰা আতাৰ মন্দিৰ। ৺কলীয়া ঠাকুৰৰ মন্দিৰৰ কাষতে উত্তৰে ৺মহাপুৰুষ গুৰুৰ মঠটো। মহাপুৰুষ গুৰুৰ মঠৰ পচিমে সমুখতে এটা পানীৰ নাদ । সেই নাদৰ ওপৰত এটা সৰু ঘৰ । এই সৰু ঘৰটোৰ পচিম-ফালে গড়তে লগা আৰু এটা পূবা পচিমা চাঙ্গঘৰ । গড়ৰ বাহিৰে পূবে এটি কুণ্ড । দৰাচলতে বৰপেটাৰ কীৰ্ত্তনঘৰটো মঠে-মন্দপে ইমান ধুনীয়া আৰু হৃদয়গ্ৰাহী যে এই মঠ-মন্দপ, কীৰ্ত্তন-ঘৰৰ প্ৰশংসা কৰাৰ লগে লগে আমি বৰপেটীয়া মানুহকো নশলাগি নোৱাৰোঁ ।
আমি যি সময়ৰ কথা লিখিছোঁ অৰ্থাৎ মানৰ দিনৰ আগেয়ে বৰপেটাৰ সত্ৰত ইমানবিলাক মঠ-মন্দিৰ আছিল নে নাই কব নোৱাৰোঁ। কিন্তু এইটো আমি সঠিককৈ জানিছোঁ মানৰ দিনৰ