এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লক্ষ্মীকান্ত—“দেউতা। তেন্তে মই এতিয়াই ইফালে আইকে আৰু ভনীজনীকে কোম্পানিৰ ৰাজ্যত থৈ আহোঁ গৈ।”
হলকান্ত—“বপা! মাৰকে ভনীয়েৰকে তাত এতিয়াই অকলৈ কেনেকৈ এৰিবি। আগেয়ে বৰফুকনৰনো কি হ’ল, মাননো যুঁজত জিকিলেই নে হাৰিলেই এইটো চাব লাগে। লৰা লৰিকৈ সকলো বয়বস্তু এৰি গলে এইখন ঘৰ বেয়া নহবনে? সেই দেখি অলপ দিন চাই চিন্তি গলেও হব।”
লক্ষ্মীকান্ত—“ভাল তেন্তে।”
সেইদিনা এইদৰে বুধি পৰামৰ্শ কৰি তাৰ পিছ দিনা হলকান্ত বৰুৱাই খাই বৈ উঠি সন্ন্যাসীয়ে কোৱামতে ক্ষণ পল চাই ৰণুৱা দুহেজাৰ লৈ ওলাল। যাবৰ পৰত জীয়েক ঘৈণীয়েকে বৰকৈ কন্দাকটা কৰিলে! হলকান্তই তেওঁবিলাকক প্ৰবোধ দি মানৰ যুঁজলৈ গ’ল।