পৃষ্ঠা:Manomati.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অপেক্ষা কৰিবি। মোৰ মনে এনে লাগিছে যে মই বৰফুকনক গৈ কিজানি লগ নেপাম। মান ভটিয়াই আহিব লাগিছে। যদি মান ভটিয়াই অহা বুলি বাটতে শুনো তেন্তে পৰাপক্ষত মইও উলটি আহিম। মই উলটি আহি নোপোৱালৈকে তই মানুহ দুমুহ লৈ বৰ সাৱধানে থাকিবি। তিনিদিনৰ ভিতৰত যদি আৰু বিশেষ বাতৰি একো নেপাৱ তেন্তে তইয়ো গাঁৱত মুঠতে পাঁচশমান ভাল সাহিয়াল ৰণুৱা থৈ বাকি পোন্ধৰশ ৰণুৱা লৈ চেঙ্গাৰ বাটেৰে যাবি। যদি এই তিনি দিনৰ ভিতৰতে মান এইখিনি আহি পোৱা বুলি শুন, তেন্তে তই মাৰকে ভনীয়েৰকে লৈ গোৱালপাৰাৰ কোম্পানিৰ ৰাজ্যত সোমাবিগৈ। মোলৈ তহঁতে চিন্তা নকৰিবি।” হলকান্ত বৰুৱাৰ এই কথাত তেওঁৰ ঘৈণীয়েকে কলে—“দেউতা আপোনাক এৰিনো আমি কেনেকৈ যাম?”

 হলকান্ত—“বপাৰ মাক! মোলৈ তোমালোকে মুঠেই চিন্তা নকৰিবা। মই যেনেতেনে ভালে কুশলে তোমালোকক কোম্পানিৰ ৰাজ্যত লগ লমগৈ!”

 লক্ষ্মীকান্ত—“দেউতা! আপুনিয়েই আইকে আৰু ভনীজনীকে ৰাখি ইয়াতে থাকক। মই মানৰ যুঁজলৈ যাওঁ।”

 হলকান্ত—‘বপা! তোক মই অকলৈ মানৰ যুঁজলৈ যাব দিব নোৱাৰোঁ। তই ইয়াত থাকিব লাগিব। মান অহা বুজি পালে চাবি যেন লৰালৰিকৈ নাও এখনত মাৰকে ভনীয়েৰকে লৈ কোম্পানিৰ ৰাজ্য পাৱ এইটো মনত ৰাখিবি।”