আগেয়ে কোৱা হৈছে) “দেউতা! যদি নগলেই নহয় তেন্তে বৰনগৰৰ চণ্ডী বৰুৱাকো লগ লগাই সৰহ সৈন্য সামন্তেৰে যাওক।
হলকান্ত—“বপাৰ মাক। তুমি মোক সেই কথা নকবা। মই সেই ঢেকেৰিৰ সহায় নিবিচাৰোঁ। এনেয়ে সি ঢেকেৰিয়ে সদায় ওফন্দি গঙ্গাটোপটো যেন হৈ থাকে। এতিয়া মই তাৰ লগ বিচাৰিলে সি মোক ভুল বুলি ভাবিব। বিশেষ সি মোৰ পিতৃকলীয়া শক্ৰ।”
বিচিত্ৰী—“দেউতা। এনে আপদৰ সময়ত পুৰণি শক্ৰ হলেও লগ লব লাগে। আপুনি মই বেটীৰ কথা শুনক। যেনে তেনে আপুনি চণ্ডী বৰুৱাৰ তালৈ মানুহ পঠাওক। তেওঁৰ ফৈদ আৰু আমাৰ ফৈদ লাগিলে আমাৰ বল বাঢ়িব।”
হলকান্ত—“তুমি মোক আৰু এই কথা দুনাই নকবা। আকাশত পূবৰ সূৰযটো যদি পচিমফালে উঠে তেও মই ঢেকেৰিক মোৰ পিতৃবৈৰীক নামাতোঁ। লক্ষ্মী বপা কলৈ গ’ল?”
বিচিত্ৰী—“সি শুই আছে হবলা?”
হলকান্ত—‘তাক মাতাচোন।”
হলকান্তৰ এই কথাত ঘৈণীয়েকে পুতেকক মাতিবলৈ ধৰিলে —“হেৰ বপা। দেউতাৰে মাতিছে ওলাই আহচোন।” মাকে এইদৰে মতাত লক্ষ্মীকান্ত ওলাই আহিল আক থোচ্মোচ্ কৰি বাপেকৰ আগত আহি মাটিত বহিল। হলকান্তই কলে “বপা! কাইলৈ শুক্লা পঞ্চমী তিথি। মই যেনে তেনে ছহেজাৰ ৰণুৱা লৈ যাম। তই ছহেজাৰ ৰণুৱা লৈ ইয়াতে তিনি দিন