পৃষ্ঠা:Manomati.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
মনোমতী

সন্ন্যাসী ফকিৰ মানুহ যুঁজ কবিব নেজানো। অস্ত্ৰ ধৰিব নোৱাৰোঁ৷ মুখৰ আশীৰ্ব্বাদত বাজে খুজিখোৱা ফকিৰৰ কি আছে? আৰু আমাৰ সন্ন্যাসী ফকিৰক যুদ্ধবিগ্ৰহ, গিৰস্থালি ইত্যাদিয়েই বা কেলেই লাগিছে? বাবা! বেজাৰ নকৰিবি। মই যাম আৰু নেথাকোঁ। কিন্তু তোৰ যদি মোত ভক্তি থাকে তেন্তে সময়মতে তোক আকৌ দেখা দিম। এতিয়া তই তোৰ প্ৰাক্তন মতে, সংস্কাৰ মতে যি কৰিবলগীয়া আছে কৰ। তোৰ বাসনাক পৰতৃপ্ত কৰ।”

 এই কেই আষাৰ কথা কৈ সন্ন্যাসী উঠিল। মন্দিৰত সোমাই ঘন্টা বাদ্য কৰি পূজাত বহিল। হলকান্ত বৰুৱাই দুখ মনেৰে নিজৰ—হাউলিলৈ বাট ললে।