যি দিন চাই দিম তাৰ যদি এফেৰাও অগা-পিচুৱা কৰ তেন্তে তোৰ অমঙ্গল ঘটিব।”
হলকান্ত—“প্ৰভু! সাধ্যমতে নিয়ম পালন কৰিম।”
সন্ন্যাসী—“বাৰু বহ তেন্তে।”
হলকান্ত—“ভাল প্ৰভু।”
সন্ন্যাসীয়ে তেতিয়া তেওঁৰ চেপেনাপাত আনি সেই চেপেনাৰে মাটিত ঘূৰণীয়া ত্ৰিকুণীয়া ইত্যাদি বিধৰ কেতখিনি আঁক দিলে। তাৰ পাছত নিজৰ মনতে অলপ গুণাভবা কৰিলে। তাৰ পাছত “শিবোহং শিবোহং শিবোহং” কৰি তিনিবাৰ নাম উচ্চাৰণ কৰি কলে—“চৈথা দিনা বুধবাৰে পঞ্চমী তিথিত, ৰাতিপুৱা বেলা সাতদণ্ড আঢ়ৈ পলত মোৰ নাম উচ্চাৰণ কৰি যাত্ৰা কৰিবি। দেখিবি যেন ইয়াৰ ইফাল সিফাল নকৰ। তই এতিয়া যা। তোক মই আৰু এটা কথা কওঁ। কালি প্ৰত্যুষতে মই এই আখাৰা এৰি পচিমলৈ তীৰ্থ কৰিবলৈ যাম। তোক আশীৰ্ব্বাদ কৰিলোঁ ঈশ্বৰে তোৰ ভাল কৰক। মোক ইমান দিন সেৱা সৎকাৰ কৰিলি। মই তোক কি দিম। মই সন্ন্যাসী ফকিৰ মানুহ। আশীৰ্বাদ কৰিলোঁ ঈশ্বৰে তোক সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰিব।”
সন্ন্যাসীৰ এই কথাত হলকান্ত বৰুৱাই চকুৰ পানী টুকি টুকি ভৰিত সাবোট মাৰি ধৰি কবলৈ ধৰিলে:— ‘প্ৰভু! মোকনো এনে সময়ত এৰি যায় নে?”
সন্ন্যাসী—“বাবা! মই থাকিয়েই বা কি কৰিম। মই