হৈছে। যদি মই সন্ন্যাসীৰ কথা শুন তেন্তে এতিয়াও তই বৰ নগৰীয়া বৰুৱাৰ লগ ল।”
হলকান্ত—"প্ৰভু! দাসক ক্ষমা কৰিব। সকলোকে কৰিব পাৰিম। ঢেকেৰিক মাতিব নোৱাৰিম।”
সন্ন্যাসী—“তেন্তে তোৰ যি ইচ্ছা তাকে কৰ। ঈশ্বৰৰ ইচ্ছা পূৰ্ণ হওক। যুগধৰ্ম্মৰ বলে যেতিয়া যি হব লাগে হওক। বৈ অহা ব্ৰহ্মপুত্ৰৰ সোঁতটো মই নিচলা ফকিৰে ভেটা দি ৰাখিব খুজিলেনো পাৰিম কেনেকৈ? বাবা। আৰু কিবা কথা আছেনে? নাই যদি য। মোৰ আৰতিৰ সময় হ’ল।”
হলকান্ত—“বাবা! মোৰ এটা কথা আছে। যুঁজলৈ যোৱা দিন এটা চাই দিয়ক।”
সন্ন্যাসী—“মোৰ দিনবাৰ চাবৰ সকাম নাই। সেইবিলাক দৈবজ্ঞসকলৰ কাম। এটা ভাল দৈবজ্ঞ মতাই নি দিনবাৰ চোৱাই যি ইচ্ছা তাকে কৰগৈ।”
হলকান্ত—“নহয় বাবা! মই সেই ফাকিদিয়া খুজিখোৱা গণকহঁতৰ কথা মানিব নোৱাৰোঁ। আপুনিয়েই চাই দিয়ক।
সন্ন্যাসী—“সৎকৰ্ম্মৰ নিমিত্তে বিলম্ব ভাল নহয়। কিয়, কালি ৰাতিপুৱাই যা গৈ।”
হলকান্ত—“নহয়। মোক এটা দিন চাই দিয়ক।”
সন্ন্যাসী(খঙেৰে) দেখ বাবা! তই মোক বাৰেবাৰে বিৰক্ত কৰিবলৈ ধৰিলি। মোৰ আৰতিৰ সময় হৈছে। মই