সমললৈ যাওক

পৃষ্ঠা:Manomati.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মনোমতী

প্ৰথম খণ্ড

প্ৰথম অধ্যায়

বৰপেটাৰ কীৰ্ত্তনঘৰত


 ফাগুন মাহ৷ ভৰ দুপৰীয়া৷ আকাশ ধুৱঁলি-কুৱঁলি৷ পচিম ফালৰ পৰা খৰাং পচোৱা মাৰিছে৷ বাটে-পথে হাবি পোৰা ছাইবিলাক উৰি উৰি পৰিছে৷ এজোপা জৰি গছৰ আগৰ পৰা একো একোবাৰ উৰামাৰি এহাল ফেঁহুচৰায়ে এই ছাইবিলাক ওপৰতে ধৰি ধৰি খাইছে৷ এনে এদিনত আাজি বৰপেটাৰ চাৰিউফালৰে পৰা হাজাৰ হাজাৰ মানুহে কীৰ্ত্তনঘৰলৈ লৰ ধৰিছে৷ আজি ফাকুৱাৰ শেষ দিন৷ আজি প্ৰভু শ্ৰীকৃষ্ণৰ ঘুনুচাৰ “বাড়িৰ” পৰা লক্ষ্মী আইৰ “গৃহলৈ” উলটি অহাৰ দিন৷ সেই দেখিয়েই আজি বৰপেটাত মানুহৰ ইমান ভিৰ৷ আজি সকলো মানুহ ফাকুৰে ৰাঙলি৷

 আমি যি সময়ৰ কথা লিখিছোঁ সেই সময়তো বৰপেটাৰ সত্ৰখন মহকুমাৰ দক্ষিণ পূব কোণাতে আছিল৷ আজিকালি এই সত্ৰৰ চাৰিউফালে প্ৰায় চাৰিপুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড় আছে৷ এই গড়ৰ ঘাই দুৱাৰমুখ পচিম ফালে৷ সেই দুৱাৰ-