পৃষ্ঠা:Manomati.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেতিয়া হলেও তহঁত দুইও লগ লাগি আন একো কৰিব নোৱাৰিলেও আমাৰ এই ঠাই দুডোখৰ মানৰ পৰা ৰক্ষা কৰিব পাৰিবি।”

 হলকান্ত—“বাবা! সংসাৰত সকলো কামকে কৰিব পাৰিম কিন্তু মোৰ পিতৃবৈৰী ঢেকেৰিৰ ঘৰে সৈতে লগ লাগিব নোৱাৰিম। এই জীউটো গলেও চণ্ডী বৰুৱাক মই আগধৰি মাতিব নোৱাৰিম। সি ঢেকেৰিয়ে যদি মোক আগেয়ে মাতে আৰু মোত নম্ৰ হয় তেন্তে এবাৰলৈ পূৰ্ব্ব শত্ৰুতা পাহৰিলেও পাহৰিব পাৰিম। কিন্তু এনেকুৱা নহলে মই কেতিয়াও ঢেকেৰিক আশৈ দিব নোৱাৰিম।”

 সন্ন্যাসী—“বাবা! তোৰ এইটো ভুল হৈছে। এনেকুৱা বিপদৰ কালতো তহঁত দুঘৰ ডাঙৰ মানুহে এইদৰে মনোবাদ কৰি থাকিলে তহঁতৰ দেশ ৰক্ষা নপৰিব। মোৰ কথা যদি গুন তেন্তে তই এই বিপদৰ সময়ত চণ্ডী বৰুৱাৰ লগ ল।”

 হলকান্ত—“প্ৰভু! দাসক ক্ষমা কৰিব। সকলো কামকে কৰিব পাৰিম ঢেকেৰিক মাতিব নোৱাৰিম।”

 সন্ন্যাসী—“মই বুজিলো তহঁতৰ দেশতো ঘোৰ কলি উপস্থিত হ’ল। মই আগেয়ে ভাবিছিলোঁ যে আমাৰ পচিমতহে এনে ডাঙৰ ডাঙৰ ৰাণায়-ৰাণায়, ৰাওৱে-ৰাওৱে, ৰজাই-ৰজাই, বীৰে- বীৰে মনোবাদ আছে। কিন্তু এতিয়া বুজিলোঁ তহঁতৰ এই দেশতো এনেকুৱাবিলাক মনোবাদ আছে। বাৰু তোৰ যি ইচ্ছা তাকে কৰগৈ। মই বুজিছোঁ তহঁতৰ নাশন কাল উপস্থিত