লৈ গৈ বৰফুকনক কি সহায় কৰিব খুজিছ? তহঁতৰ কামৰূপতনো কেই ঘৰ বৰুৱা আছে?”
হলকান্ত—“আজি কালি আমি পাঁচ-ছ-ঘৰমান বৰুৱা আছোঁ।”
সন্ন্যাসী—“তহঁতৰ প্ৰতি ঘৰে দহবাৰ হেজাৰ ৰণুৱা নিব পাৰিলে ভাল।”
হলকান্ত—“মোৰ সিমান ৰণুৱা নাই।”
সন্ন্যাসী—“বাৰু বৰনগৰীয়া বৰুৱাৰনো কিমান ৰণুৱা আছে। তেওঁনো কি কৰিছে?”
হলকান্ত—“মই ভালকৈ সেই ঢেকেৰিৰ কিমান ৰণুৱা আছে কব নোৱাৰোঁ আৰু সেই ঢেকেৰিয়েই বা কি কৰিছে তাকো কব নোৱাৰোঁ।”
সন্ন্যাসী—“মানুহৰ মুখেনো কি শুনিছ?”
হলকান্ত—“মানুহে কয় বোলে সেই ঢেকেৰিৰ বাৰ তেৰ হেজাৰ কোঁচ সৈন্য আছে। সেই ঢেকেৰিয়ে এইবিলাক কথাৰ একো গমকে পোৱা নাই। ফিতাহি মাৰি বহি আছে।”
সন্ন্যাসী—“যদি মানে সৈতে দৰাচলতে যুঁজ দিব খুজিছ তেন্তে তই বৰনগৰীয়া বৰুৱাকো এইবিলাক সম্বাদ দি লগ লগাই লৈ যা। যদি তহঁত দুইও লগ লাগ তেন্তে তহঁতৰ পোন্ধৰ, যোল্ল হেজাৰ ৰণুৱা হব। গুৱাহাটীৰ বৰফুকনে তহঁত গৈ নৌপাওঁতেই যদি মানৰ যুঁজত হাৰে তেন্তে