সন্ন্যাসী—তহঁতৰ অসম ৰজাইনো কি কৰিছে?”
হলকান্ত—“ৰজাই হেনো উজনিৰ ৰঙ্গপুৰতে মানে সৈতে এটা ৰণ দিছিল। সেই ৰণত হেনো তেওঁ সম্পূৰ্ণৰূপে হাৰি পলাই ভটিয়াই আহি গুৱাহাটীৰ বৰফুকনৰ লগ লাগিছে।
সন্ন্যাসী—“বৰফুকনেনো কি কৰিছে?”
হলকান্ত—“বাবা! শুনিছোঁ তেওঁ হেনো মানৰ লগত ৰণ দিবলৈ ওলাইছে। অৰু চাৰিউফালৰ পৰা স্যৈ সামস্ত গোটাব লাগিছে।”
সন্ন্যাসী—“তোলৈ আৰু বৰনগৰীয়া বৰুৱালৈ কিবা সম্বাদ আহিছেনে?”
হলকান্ত—“বাবা! মোলৈ একো সম্বাদ অহা নাই। বৰনগৰীয়া বৰুৱালৈ আহিছেনে নাই কব নোৱাৰোঁ।”
সন্ন্যাসী—“তইনো এতিয়া কি কৰিব খুজিছ?”
হলকান্ত—“মই চাৰিহেজাৰ ৰণুৱা গোটাই দুহেজাৰ ইয়াতে আমাৰ গাওঁখন ৰক্ষা কৰিবলৈ থৈ বাকী দুহেজাৰ লৈ আগবাঢ়ি যাব খোজোঁ।
সন্ন্যাসী—“সেইটো ভাল কথা। কিন্তু মানৰনো কিমান সৈন্য আহিছে বুলি শুনিছ?”
হলকান্ত—“বাবা! মই শুনিছো মানৰ হেনো আঠাৰটা ফুকনে সৈতে দেড়কুৰি দুকুৰি হেজাৰ সৈন্য আহিছে।”
সন্ন্যাসী—“তইনো এই ফালৰ পৰা মুঠেই দুহেজাৰ সৈন্য