পমীলা —“এতিয়াই মতা ম’ৰাটো আহি পালে তাইৰ সকলো দুখ যাব।”
মনোমতী—“মাইকী ম'ৰাজনীয়ে অকলৈ থাকি ভালপোৱা নাই চাগৈ। নহয় নে বাৰু? ”
পমীলা—”এৰা।”
মনোমতী—“মোৰো সেই দৰে তুমি অকলৈ এৰি গলে মন বৰ বেয়া লাগে।”
পমীলা—“নহয় সখি! তোমাৰ মন দেখোন আাজি কেইবা দিনৰে পৰা বেয়া দেখিছোঁ। বাৰু কোৱাচোন ইয়াৰ কাৰণ কি?”
মনোমতী—“মই একো কব নোৱাৰোঁ৷”
পমীলা—“নহয় সখি! ইয়াৰ কিবা এটা কাৰণ আছে? তুমি মোৰ আগত নোকোৱা।”
মনোমতী—“মইনো তোমাৰ আগত কি কথা লুকাওঁ?”
পমীলা—“নহয় সখি! তুমি যেনে তেনে কিবা এটা লুকাইছা। মই কিন্তু তত ধৰিব পাৰিছোঁ।”
মনোমতী—“বাৰু তেন্তে তুমিয়েই কোৱাঁ!”
পমীলা—“মই বঢ়িয়াকৈ বুজিছোঁ কীৰ্ত্তন ঘৰত সেই ডেকা জনক দেখিবৰে পৰা তোমাৰ এনে বিলাই হৈছে। তুমি এতে পৰে কি কৰিছিলা তাক মই ভালকৈ জুমি চাই আছিলোঁ। তোমাৰ মুখত আজিকালি মই আগৰ ৰঙ ধেমালিৰ ভাববিলাক নেদেখোঁ, তোমাক সদায় হা হুমুনিয়াহ কঢ়া শুনো। তোমাৰ মুখত সদাই গুণ্ গুণ্ কৰি লেচাৰী আৰু মহাপুৰুষ গুৰুৰ বৰ-