পৃষ্ঠা:Manomati.pdf/৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বিলাকৰ ঠাই কাম, ক্ৰোধ, লোভ, ঈৰ্ষা, পৰশ্ৰীকাতৰতা ইত্যাদি ৰিপুৱে অধিকাৰ কৰিছিল৷ মুঠতে কবলৈ গলে সেই সময়ত অসমীয়া জাতিৰ বিলাই বিপত্তিৰ ঠাই নোহোৱা হৈছিল৷

 এইটো প্ৰায় সততে দেখা যায় যে যেতিয়া কোনো এটা জাতিৰ নাশন কাল উপস্থিত হয়, অৰ্থাৎ যেতিয়া কোনো এটা জাতি পৰিবলগীয়া হয়, তেতিয়া সেই জাতিৰ মানুহবিলাক হীনবীৰ্য্য হয়৷ সেই জাতিৰ মানুহ বিলাকৰ মনত সকলোবিলাক কুবৃত্তিয়ে ঠাই লয়হি, নিজে নিজৰ ভিতৰত খোৱা কামোৰা কৰিবলৈ ধৰে আৰু তেনেকুৱা হলেই সেই জাতিক আন কোনো বলৱান বিদেশী জাতিয়ে আহি কাটিমাৰি নাশ কৰে আৰু দাসত্বৰ শিকলিৰে নিগাজীকৈ বান্ধে৷ এইদৰে ৰোমৰাজ্যক ভেণ্ডাল আৰু গথবিলাকে ধ্বংস কৰে, ভাৰতবৰ্ষক মুচলমানে নাশ কৰে৷ আমাৰ অসমকো এই দৰে “মান” নামধাৰী কেতখিনি মানুহে কাটি-চিঙি জুৰুলাজুপুলা কৰে৷ আমাৰ এই কাহিনীত এই মানৰ শেষ আক্ৰমণৰ সময়ৰ এটি চিত্ৰ বৰ্ণনা কৰিবলৈ ওলালোঁ।

⸺⸻