পৃষ্ঠা:Manomati.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ষষ্ঠ অধ্যায়

দুই সখী

 মনোমতীৰ হাতত যিজনী গাভৰুৱে ধৰিছিল সেই গাভৰু জনীৰ নাম পমীলা। পমীলা মনোমতীতকৈ ছয় সাত বছৰমানে ডাঙৰ। সৰুৰে পৰা মনোমতীক তেওঁ নিজৰ ভনীৰ দৰে চেনেহ কৰিছিল। মনোমতীৰে সৈতে তেওঁৰ এক গল এক নল আছিল। আন কি মনোমতীক এৰি তেওঁ অকলৈ ক’তো নাথাকিছিল। মনোমতীক নেদেখিলে তেওঁৰ ক্ষণতেকো সুখ শান্তি নাছিল।

 পমীলা আগৰ বৰনগৰৰ এঘৰ কলিতা মানুহৰ জীয়াৰী আাছিল। আজি কালিৰ যি ‘বৰবৰিঝাৰ” আছে সেই খনেই সেই সময়ৰ বৰনগৰ, তাতে পমীলাৰ ঘৰ আাছিল। পমীলাৰ সাত বছৰ বয়সৰ সময়ত তেওঁৰ মাক মৰে। তাৰ পিছ বছৰ গাৱঁত মাউৰ লাগি পমীলাৰ বাপেক ভায়েক আটাইবিলাক মৰে। আঠবছৰ বয়সতেই পমীলা এইদৰে মাউৰী হৈ এঘৰ ওচৰৰ মানুহৰ তাত আশ্ৰয় লয়। তেওঁৰ বয়বস্তুবিলাক তেওঁৰ দূৰ সম্পৰ্কৰ ভাগী-বংশবিলাকে খালে। অতি ছোৱালী কালতেই পমীলা এইদৰে বাটৰ ভিখাৰিণী হ’ল।

 উদাৰ চৰিত্ৰৰ বৰনগৰীয়া বৰুৱাই মনোমতীক নিচেই সৰুতে চপাই আনি তেওঁক তুলি-তালি ডাঙৰ দীঘল কৰিবলৈ এজনী ছোৱালী বিচাৰে। ভাগ্য গুণে তেওঁ বিচাৰি বিচাৰি পমীলাক পায় আৰু যি ঘৰ মানুহৰ তাত পমীলা আছিল সেই