এই দৰে তেওঁ গুণ্ গুণ্ কৰি নাম গাই থাকোঁতে এজনী বেটী ছােৱালীয়ে তেওঁৰ গছাটোত আনি চাকি এটা থলে। মনোমতীয়ে তেতিয়া আকৌ দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি পাতৰ পৰা কীৰ্ত্তনখন নমাই মেলি ললে। তেওঁ প্ৰথমেই ৺কৃষ্ণৰ শিশুলীলাৰ এক আধ্যা মান পঢ়িলে। তাৰ পাছত শিশুলীলা ভাল নলগাত অজামিল উপাখ্যান উলিয়ালে। তাৰো কিছুমান পঢ়ি ভাল নালাগি কীৰ্ত্তনখন থৈ দশমখন ললে। দশমত ৺কৃষ্ণৰ জন্মৰ আধ্যা অলপ পঢ়িলে; সিও ভালকৈ মনত নলগাত তেওঁ আকৌ গুণ্ গুণ্ কৰি গাবলৈ ধৰিলে:—
“অ উদ্ধৱ। আৰু কি আহিব হৰি
বান্ধৱ চাই থাকিম নয়ন ভৰি।”—
অতি সুললিত সুৰেৰে, মিঠা মাতেৰে মনােমতী গাভৰুৱে এই নামটি গালে। নাম গাই উঠি আকৌ দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে, এনেতে কীৰ্ত্তন ঘৰত মনােমতীক আগুৰি ধৰি থকা তেওঁতকৈ অলপ বয়সিয়াল গাভৰুজনী তেওঁৰ ঘৰৰ ভিতৰত সােমাল আৰু একে ডেৱে গৈ মনােমতীৰ কাষত বহি তেওঁৰ হাতত ধৰিলে।