আমাৰ দেশত বামুণত বাহিৰে আন জাতৰ বাল্যবিবাহ নথকাৰ বাবে তেওঁ তেতিয়ালৈকে অবিবাহিতা আছিল।
নদীলৈ কিছুমান পৰ গালত হাত দি চাই থাকি মনোমতীয়ে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে আৰু লাহে লাহে গুণ্ গুণ্ কৰি গাবলৈ ধৰিলে:—
"কৃষ্ণ এক দেৱ দুঃখহাৰি —কাল মায়াদিৰো অধিকাৰি
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি স্থিতি অন্তকাৰি দেৱ —তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুষে সমস্ত জগতে সাৰ॥
নমো নমো নিত্য নিৰঞ্জন —নাৰায়ণ শিৱ সনাতন
অনাদি অনন্ত নিৰ্গুণ গুণ নিয়ন্তা।
পৰম পুৰুষ ভগৱন্ত —নাহি পূৰ্ব্বাপৰ আদি অন্ত
তুমি সে চৈতন্য সমস্ত ভৱ ভাৱন্তা॥
ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেবী —কায়মনোবাক্যে স্থিৰ কৰি
পৰম আনন্দে চৰণ সেৱন্ত যাৰ।
সদা জন্ম মৃত্যু জৰা হীন —শ্ৰীমন্ত সুন্দৰ গুণনিধি
বিষ্ণুত বিনাই কোন দেৱ আছে আৰ॥
যাৰ পাদোদকে দেবী গঙ্গা —যাৰ বাক্যে হুয়া আছে বেদ
পৰম পতিতো তৰয় যাহাৰ নামে।
সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো —পৰম কাৰণ নাৰায়ণ
হেন ঈশ্বৰক নভজয় কোন কামে॥