পৃষ্ঠা:Manomati.pdf/৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আৰম্ভণ

 আমাৰ এই অসম দেশৰ ভিতৰত বৰপেটা এখন পৱিত্ৰ ঠাই৷ ইয়াত এখন ডাঙৰ মহাপুৰুষীয়া সত্ৰ আছে৷ এই সত্ৰ ৺শঙ্কৰদেৱৰ প্ৰিয়শিষ্য ৺মাধৱদেৱে থাপনা কৰা৷ ইয়াৰ শিষ্য আৰু ভকতৰ সংখ্যাও অনেক৷ ইয়াৰ কীৰ্ত্তনঘৰটোৰ নিচিনা ডাঙৰ কীৰ্ত্তনঘৰ অসমৰ আন কোনো ঠাইতে নাই৷ যি সময়ত বঙ্গদেশত মহাপ্ৰভু শ্ৰীচৈতন্যই পৱিত্ৰ বৈষ্ণৱধৰ্ম্ম প্ৰচাৰ কৰে, পঞ্জাৱত মহাপুৰুষ নানকে শিখবিলাকক একতাৰ জৰীৰে বান্ধিবলৈ শিখধৰ্ম্ম প্ৰচাৰ কৰে, প্ৰায় ঠিক সেই সময়ৰে অলপ আগৰে পৰা ৺শঙ্কৰদেৱকে প্ৰমুখ্য কৰি ৺দামোদৰ দেৱ, ৺মাধৱদেৱ এই মহাপুৰুষ সকলেও আমাৰ এই দুখীয়া অসম দেশত চাৰিউফালে শত্ৰুৰ মাজত থাকিও পৰম নিৰ্ম্মল ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে৷ যেনেকৈ শ্ৰীকৃষ্ণৰ মোহন মুৰুলিৰ ধ্বনিত বৃন্দাবনবাসিনী গোপিনীসকল ঢলি ঢলি পৰিছিল, সেই দৰে এই মহাপুৰুষ সকলৰ মধুৰ মনমোহা ধৰ্ম্ম আলাপত অসমীয়া মানুহ মুগ্ধ হৈছিল; আৰু হেজাৰ হেজাৰ অসমীয়া মানুহে তেওঁবিলাকৰ কাম, ক্ৰোধ, লোভ, মোহ দলিয়াই পেলাই এই মহাপুৰুষসকলৰ ওচৰলৈ আহি পৱিত্ৰ বৈষ্ণৱধৰ্মত আশ্ৰয় লৈ তেওঁবিলাকৰ ইহ জনম সাৰ্থক কৰিছিল৷

 আমি আমাৰ এই কাহিনীত যেতিয়াৰ কথা লিখিবলৈ ওলাইছোঁ তেতিয়া মহাপুৰুষসকল আবিৰ্ভাৱ হৈ যোৱাৰ আঢ়ৈশমান বছৰ হৈছিল৷ সেই সময়ত বৈষ্ণৱ ধৰ্মৰ ভাববিলাক গোটেইখন দেশত বিয়পি পৰিলেও প্ৰকৃত ধাৰ্ম্মিক মানুহৰ অভাৱত পৱিত্ৰ বৈষ্ণবধৰ্ম্মৰ হাড়-ছালহে ৰৈছিলগৈ৷ প্ৰায় সকলো মানুহৰ মনৰ পৰা ধৰ্ম্মৰ আচল ভাববিলাক দূৰ হৈ সেই