পৃষ্ঠা:Manomati.pdf/২৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় খণ্ড
দ্বিতীয় অধ্যায়

 (১) ইংৰাজ গবৰ্ণমেণ্টে কিয় চন্দ্ৰকান্ত ৰজাক সহায় নকৰিলে এই বিষয়ে জোনাকীত ৺প্ৰত্নেশ্বৰ মহন্তৰ “অসমত মান” এই প্ৰবন্ধ চাব৷ ৺ৰত্নেশ্বৰ মহন্তে প্ৰত্নতত্ত্ব বিষয়ে ভালেমান অনুসন্ধান কৰিছিল৷ আক্ষেপৰ বিষয় ঈশ্বৰে আমাৰ এই উৎসাহী ডেকাজনক অসময়তে আমাৰ হাতৰ পৰা কাঢ়ি নিলে৷ অসমীয়াৰ দুৰ্কপাল!

পঞ্চম অধ্যায়

 (১) আমি এবাৰ জৈন্তিয়ালৈ যাওঁতে জৈন্তিয়াত ভোলাগাওঁ নামেৰে এডোখৰ ঠাইত এখন অসমীয়া মানুহৰ বস্তি পাইছিলোঁ আমি এৰাতি সেই গাৱঁত থাকি মানুহ সকলে সৈতে আলাপ কৰি জানিব পাৰিছিলোঁ সেই গাৱঁৰ মানুহবিলাকৰ পূৰ্ব্বপুৰুষ সকল মানভঙনিত ৰংপুৰ, নগাঁৱৰ পৰা পলাই লৈ সেই ঠাইত বস্তি কৰিছিল৷ কাছাৰ ত্ৰিপুৰা, মইমনসিং এই বিলাক ঠাইতো হেনো মানভঙনিত পলাই যোৱা অসমীয়া মানুহৰ সতি- সন্তান আছে৷ আমাৰ শ্ৰদ্ধাস্পদ শ্ৰীযুত হৰবিলাস গুপ্তই হেনো বৰ্ম্মাত অসমীয়া বস্তি পাই আইছে৷ বঙ্গদেশৰ প্ৰত্নতত্ত্ববিৎ সুপ্ৰসিদ্ধ শ্ৰীযুত শৰংচন্দ্ৰ ৰায় বাহাদুৰে হেনো তিব্বতত বঙালী মানুহ পাইছে। আমাৰ অনুমান সেইসকল বঙালী মানুহ নহয় অসমীয়া৷ কাৰণ বঙালী মানুহৰ তিব্বতলৈ যাবৰ কোনো সকাম নাছিল৷ কিন্তু মানভঙনিত ভালেমান অসমীয়া মানুহ তিব্বতলৈকো পলাইছিল৷