পৃষ্ঠা:Manomati.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৫
সামৰণি

কৰোঁ তহঁতৰ মহাপুৰুষেও যাকে তাকে কেৱল ধৰ্ম্ম পালিবলৈ কোৱা নাই৷ তহঁতৰ ৺শঙ্কৰদেৱ নিজে গৃহস্থী আছিল! তহঁতে নুবুজিহে যেয়ে সেয়ে কেৱলীয়া হৱ৷ তাৰ পৰা তহঁতৰ অসমত ধৰ্ম্মৰ গ্নানিহে হৈছে৷ সেই দেখি বাছা! মই আদেশ কৰিছোঁ তই এতিয়াও গৃহস্থী কৰগৈ৷ বিশেষ তোক দিনে-ৰাতিয়ে এটি প্ৰাণীয়ে চিন্তা কৰিব লাগিছে৷ তই যদি সেই প্ৰাণীটিৰ আশা ছেদ কৰ তেন্তে তোৰ গাত পাপ লাগিব৷ সেই দেখি বাছা! তই মোৰ বুঢ়া সন্ন্যাসীৰ কথা ৰাখ৷ ঘৰলৈ উলটি যা৷ তোৰ যদি ঈশ্বৰত ভক্তি থাকে তেন্তে গৃহস্থীতে তোৰ ধৰ্ম্ম সিজিব৷ ঈশ্বৰে যদি কৰিব দিয়ে তেন্তে বুঢ়া বয়সতো যেতিয়া তোৰ সকলোবিলাক বাসনাৰ পৰিতৃপ্তি হব তেতিয়া সন্ন্যাস লবি৷ মই যদি জীয়াই থাকোঁ বাৰু তোক মই তেতিয়া লৈ আহিমগৈ৷

 সন্ন্যাসীৰ এইবিলাক বুজনিত শান্তিৰামৰ মন স্থিৰ হ’ল৷ সন্নাসী আৰু হলকান্ত বৰুৱাত বিদায় লৈ শান্তিৰামে ৺কাশীধাম দৰ্শন কৰি আকৌ লাহে লাহে বৰপেটালৈ উলটিল আৰু ছমাহ মানৰ মূৰত বৰপেটা পালেহি৷ শান্তিৰামক উলটি অহা পাই বদন চৌধাৰীৰ ঘৰত আকৌ মহা আনন্দ উৎসৱ মিলিল৷ সকলোৱে শান্তিৰামক তেওঁ কলৈ গৈছিল, কি কিৰিছিল এই বিলাক কথা সুধিলে৷ সময় পাই চতুৰী মনোমতীয়েও পমীলাক নথৈ বিদ্ৰুপ কৰিলে৷ মনোমতীয়ে কলে—“সখি! মোৰ কথা দেখোন মিছা বুলিছিলা৷ এতিয়া দেখোন তোমাৰ মনচোৰ আহি পালে? নাপাবহিয়েই বা কেলেই! তুমি ইফালে পোৰা