পৃষ্ঠা:Manomati.pdf/২৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


এই দৰে কথা-বতৰা হোৱাৰ পিছত বদনৰ মাকে আলহী সকলক যথাবিধি জলপান কৰালে৷ সুখে-সুখে সেই দিনটো গ’ল৷

 সন্ধ্যা হ’ল৷ সকালোবিলাকে কাবৌ-কোকালি কৰি সন্ন্যাসীক পূজাৰ আৰু ভোগৰ আয়োজন কৰি দিলে৷ সন্ন্যাসীয়েও সেৱা পূজা কৰি চাইটা খাই-বই উঠিল৷ ইসকলেও দিহা-দিহি খাই বই উঠিল৷ মতাবিলাকে আহি সন্ন্যাসীক আগত লৈ চৰাঘৰত মেল পাতিবলৈ ধৰিলে৷ তিৰুতাসকলে ভিতৰত বুলনি ঘৰত বহি মেল পাতিলে৷ এনেতে সন্ন্যাসীয়ে বদন চৌধাৰীৰ আগত কলে যে তেওঁ চণ্ডী বৰুৱাৰ বিধৱাক কিবা কব খোজে৷ বদন চৌধাৰীয়ে সন্ন্যাসীৰ কথা শুনি যজ্ঞনাৰায়ণক ভিতৰলৈ পঠালে৷ যজ্ঞনাৰায়ণে গৈ বৰুৱানীক মাতি আনিলে৷ বৰুৱানীৰ লগতে বদনৰ মাক আৰু পমীলাও আাহি বেৰৰ আৰত চৰাঘৰৰ সি খোটালিত বহিল৷ সন্ন্যাসীয়ে কলে, “ম৷! মোৰ এটা নিবেদন আছে৷” চওী বৰুৱাৰ বিধৱাই কোৱালে-“কি নিবেদন কওক৷” সন্ন্যাসী—“মা! মই আপোনাক খাটিলোঁ আপুনি আপোনাৰ ধৰ্ম্মীয়া ছোৱালীজনীক মোৰ চেলাৰ পুতেকৰে সৈতে বিয়া দিয়ক৷” সন্ন্যাসীৰ কথা শুনি সকলোবিলাক পুৰুষেই তললৈ মূৰ কৰিলে৷ চণ্ডী বৰুৱাৰ বিধৱাই কোৱালে তেওঁ তেওঁৰ স্বামীবৈৰীৰ পুত্ৰলৈ ছোৱালী দিব নোৱাৰে৷ মনোমতীলৈ দৰা নেপালে বৰং মনোমতী কুমাৰী হৈয়ে থাকিব তেও বৰুৱাৰ পুতেকক নিদিয়ে৷” সন্ন্যাসীয়ে কলে—“মা৷ আপুনি উচিত কৈছে৷ তথাপি মই আপোনাক খাটিলে৷ আপুনি মই বুঢ়া