বহিল৷ এনেতে লক্ষ্মীকান্ত ডেকা বৰুৱাই সন্ন্যাসীৰ সেই চেলাজনক একেচাবে গৈ “মোৰ দেউতা! মোৰ দেউতা!” বুলি ভৰিত দীঘল হৈ পৰিল আৰু সন্ন্যাসীক “আমাৰ জটিয়া বাবাজী“ বুলি ভৰিত দীঘল হৈ দণ্ডৱৎ কৰিলে৷ লক্ষ্মীকান্তৰ এই আনন্দ উলাহৰ ধ্বনিত ভিতৰৰ পৰা মাইকী মানুহবিলাকো লৰি আহি চোতালৰ পৰা বেৰ জুমি চাবলৈ ধৰিলে আৰু সন্ন্যাসী আক তেওঁৰ চেলাক চিনি পাই তেওঁবিলাকেও আনন্দ উলাহ কৰি সকলোটিয়েই গৈ বুলনি ঘৰত বহি তামোল চালি কাটিবলৈ অৰু মেল কৰিবলৈ ধৰিলে৷ অনাথ চৌধাৰীয়েও হলকান্ত বৰুৱাক চিনি পাই আকোৱালি ধৰি সুধিলে—“আপোনাৰ এই বেশ কেলেই? আপুনি ইমান দিন আছিল ক’ত?” হলকান্তই কলে—“আপোনাৰ ঘৰৰ পৰা ওলাই আহি মই এনিশ জৈনা গাৱঁত থাকোঁ৷ তাৰ পিছ দিনা ৰাতিপুৱাই মই সেই গাওঁ এৰি আন গাৱঁলৈ যাব ওলাইছিলোঁ মাথোন, এনেতে কুৰিটা মান জৈনা গাৱঁলৈ আহিল৷ মানৰ হাতত এনেই মাছ-পহুৰ দৰে মৰাতকৈ সিহঁতক মাৰি মৰাই ভাল এইটো বিবেচনা কৰি মই সেই গাৱঁৰ মানুহবিলাকৰ হতুৱাই সেই মান কেইটাক মৰাওঁ৷ মানক মাৰি উঠি জৈনা গাৱঁৰ সকলোবিলাক মানুহেই সেই সেই দিনাই বৰপেটাৰ ফালে আহিল৷ ময়ো তেওঁবিলাকৰ লগে লগেই আহিলোঁ৷ বেছিকৈ বেগাই খোজ কাঢ়িব নোৱাৰাত মই সেই মানুহজাকৰ পিছ পৰোঁ আৰু বাট হেৰুৱাওঁ৷ বাট হেৰুৱাই মই অগাধ অটব্য অৰণ্যত পৰিলোগৈ৷ হাবিয়ে
পৃষ্ঠা:Manomati.pdf/২৫৬
অৱয়ব