পঞ্চবিংশ অধ্যায়
“ধীৰে সমীৰে যমুনোতীৰে বসতি বনে বনমালী”
আজি কালি কৰি দুমাহ সময় হৈ গ’ল৷ মহাত্মা ডেভিড স্কট চাহাবৰ অনুগ্ৰহত দেশত শান্তি স্থাপিত হ’ল৷ লক্ষ্মীকান্ত আৰু বদন দুইও বীৰ সম্পূৰ্ণ আৰোগ্য হ’ল৷ চাৰিউফালে মানুহবিলাকে নিজ নিজ বিষয় কৰ্ম্মত মন দিবলৈ ধৰিলে৷ বৰপেটীয়া মানুহবিলাকৰ উদ্যোগত বৰপেটাৰ কীৰ্ত্তন ঘৰ সজা হ’ল৷ কলীয়া ঠাকুৰক প্ৰতিষ্ঠা কৰি থাপনা কৰিলে৷ মানুহৰ মনত সুখ শান্তিয়ে দেখা দিলে৷। বদনৰ ঘৰতে লক্ষ্মীকান্ত, অনাথ চৌধাৰী, মনোমতী, পমীলা এটাইবিলাকেই সুখেৰে এই দুমাহ কটালে৷ ভিন গাৱঁৰ মানুহবিলাক নিজ নিজ গাৱঁলৈ অথবা নতুন ঠাই লৈ তালৈ গ’ল৷
এই দৰে এই দুমাহ গত হোৱাৰ পিছত এদিন লক্ষ্মীকান্ত, বদন, অনাথ চৌধাৰী, শান্তিৰাম ভকত চাৰিও দুপৰীয়া খাই-বই উঠি চৰাঘৰত মেল পাতিবলৈ ধৰিছে; সকলোৱে নিজৰ নিজৰ সুখদুখৰ কথাবিলাক কোৱাকুই কৰিছে৷ এনেতে সিফালৰ পৰা এজন বৰ ডাঙৰ দীঘল হটঙা, জটাজুটধাৰী বাবাজী, লগত এজন চেলাৰে সৈতে আহি তেওঁবিলাকৰ আগত ওলাল৷ বাবাজীক দেখিয়েই চাৰিউজনে উঠি আদৰ কৰি তেওঁক বহিবলৈ দিলে৷ সন্ন্যাসীজনায়ো “শিবোহং শিবোহং শিবোহং” বুলি চালপীৰাত