“কি! হনত, গোবিন্দ সিহঁত সকলোকে চৰু দিলি, মোক মলা দি অপমান কৰিলি৷ বিলনীয়া—“বাপ! খং এৰক৷” তজোৰামে খঙতে কলে—“আজি এই বিষয়ে ভালকৈ লাগিম! কীৰ্ত্তন ঘৰৰ হিস্বা আৰু বৰ চৰু খাবৰ পৰত হনত গোবিন্দ আৰু ৰামা৷ দায়জগৰ লাগিলে তজো আৰু ভজো৷” তজোৰামৰ এই কথা শুনি গোবিন্দই মাত লগালে—“অ হেৰ তজো! তইনো কীৰ্ত্তন ঘৰৰ কি কৰিছ?’ তজো—“তহঁতে নো কি কৰিছ? ” এই দৰে কথাত কথা বাঢ়ি প্ৰসাদৰ নিমিত্তে মুখিয়াল কেইজনৰ হুৰাহুৰি লাগিল৷ বেলি আৰে আৰে উঠিল৷ মেলুৱইসকলৰ হুৰাহুৰি ন মৰিল৷ বদন আৰু লক্ষ্মীকান্তই চিয়ঁৰি চিয়ঁৰি কবলৈ ধৰিলে, “বাপ সকল! হুৰাহুৰি এৰক! যাতে দেশৰ ভাল হয় তাৰ হকে চিন্তক৷” লক্ষ্মীকান্ত আৰু বদনৰ এই কথাত মেলুৱই সকলৰ গাত চূৰ্ত্তিয়েই নহল৷ দলাদলি মেল উলিয়াই হুৰাহুৰি পাতি বীৰসকলে হতাহতি আৰম্ভ কৰিলে৷ ইফালে কিন্তু লৰা আৰু তিৰুতাবিলাকে সেই হুৰাহুৰিৰ ভিতৰতো এজেবা প্ৰসাদৰ নিমিত্তে বিলনীয়াক কাবৌ কৰিবলৈ ধৰিলে৷
কীৰ্ত্তন ঘৰত এই দৰে এফালে মেলুৱই বীৰসকলৰ হুৰাহুৰি আৰু এফালে লৰা-তিৰুতাবিলাকৰ প্ৰসাদৰ নিমিত্তে হাকৌ বিকৌ হৈ থাকোঁতেই চাউলখোৱা নৈ পাৰ হৈ প্ৰায় বাৰশ মান কীৰ্ত্তন ঘৰৰ ফালে আহিবলৈ ধৰিলে৷ বদন আৰু লক্ষ্মীকান্তই পঠোৱা মানুহ যোৰাক বাটতে পাই সিহঁতে কাটিলে আৰু সিহঁতক কাটি উঠি মানহঁতে হাতত মুকলি তৰোৱাল লৈ কীৰ্ত্তন