পৃষ্ঠা:Manomati.pdf/২৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সকলোৰে হাতত জাঠি জোঙ, ঢাল, বাৰু ইত্যাদি দিয়ালে আক ৰাতি পুৱাওঁ পুৱাওঁ হওঁতে তেওঁ এযোৰা মানুহ মানৰ বুজ লবলৈ চাউলধোৱাৰ ঘাটলৈ পঠালে আৰু তেওঁ নিজে মাক, মনোমতী, তিলোত্তমা, পমীলা ইত্যাদি তিৰুতাবিলাকক বাৰীৰ পাছফালে বাঁহৰ মাজত এটা গাত খনাই তাতে লুকাই থাকিবলৈ দি মানৰ লগত যুঁজিবলৈ সাজু হৈ ৰল৷

 পিছদিনা ৰাতি পুৱাল৷ যুঁজাৰু ডেকাবিলাকে মুখ হাত ধুই লৈ হাতে হাতে অস্ত্ৰ লৈ লক্ষ্মীকান্ত আৰু বদন চৌধাৰীক আগত লৈ কীৰ্ত্তন ঘৰৰ গড়ৰ ভিতৰত সোমাল গৈ আৰু কেতখিনি ডেকা গোটাবলৈ অভিপ্ৰায় কৰি তাতে অলপ পৰ বৰসবাহ চাবলৈ ধৰিলে৷

 লাহে লাহে ৰঙা ৰ’দ উঠিল৷ কীৰ্ত্তন ঘৰৰ বৰসবাহৰো ওৰ পৰিল৷ বিলনীয়াই চৰুৱে চৰুৱে প্ৰসাদ আনি বিলাবলৈ ধৰিলে৷ মুখিয়াল মেলুৱাইসকলৰ বৰ বৰ চৰু পাবৰ আশা হ’ল৷ প্ৰসাদ লবৰ সময়ত সকলোটিয়েই ফিতাহিতে ওফন্দি পৰিল৷ ই বোলে মই অমুকৰ ঘৰৰ, মই বৰ চৰু পাওঁ; সি বোলে মইও অমুকৰ ঘৰৰ, ময়ো বৰ চৰু পাওঁ৷ এই দৰে ঐয়া-হৈয়া হবলৈ ধৰিলে৷ বৰ চৰু দিওঁতে দিওঁতে বৰ চৰুৰ ওৰ পৰিল; অৱশেষত বিলনীয়াই তজোৰাম নামেৰে মেলুৱই এজনৰ আগত এটা চাকলি মলা থলে৷ চাকলি মলা দেখি তজোৰাম খঙতে জলি উঠিল আৰু বিলনীয়াক ডাবি মাৰি কলে—“কি! মই মলাৰহে মানুহ হলোনে? বিলনীয়াই কলে—“বাপ! বৰ চৰু ঢুকাল৷ সেই দেখিহে মলা দিলোঁ দোষ নধৰিব৷” তজোৰামে কলে—