আঁতৰত থলে৷ ঘোঁৰাটো পেলাই উঠাৰ পাচত সন্ন্যাসীৰ জ্ঞান হ’ল, পূৰ্ব্বজন্মৰ অথবা ইহজন্মৰে আগৰ ডোখৰৰ সুকৃতি নেথাকিলে ইহজন্মত ৰামে ঘোঁৰা নিদিয়ে৷ আৰু খুজিলেও তাৰ গতি তেনেকুৱাই হয়৷ ইত্যাদি ভাবি চিন্তি সন্ন্যাসীয়ে সেই বাৰ কবলৈ ধৰিলে—“উলটা বুঝিলি ৰাম! উলটা বুঝিলি ৰাম!“ পাঠক! ভাবি চাব প্ৰায় সকলো মানুহৰে জীৱনত কেতিয়াবা কেতিয়াবা এনেকুৱা দশা হয়৷ মানুহৰ কিয়! কেতিয়াবা কেতিয়াবা একোটা জাতিৰো এনে দশা ঘটে৷ সেই দিনাখন ৰাতি প্ৰায় দুপৰ হোৱাত কীৰ্ত্তন ঘৰৰ ভিতৰত আঠোটা বৰ গছাত প্ৰায় ষোল্লশ চাকি লগাই নৈবেদ্য পাতি ভকতসকলে বৰসবাহৰ আয়োজন কৰিলে৷ যথা সময়ত ভকতসকলে এটি এটি কৈ আহি আসন ললে৷ তালীয়া, খুলীয়া আহি ঠায়ে ঠায়ে বহিল৷ মুখিয়াল মেলুৱইসকল শাৰী পাতি পাতি বহিল৷ বুঢ়ী বুঢ়ী ভকতনীসকলে কীৰ্ত্তন ঘৰৰ পিৰালিত বহি নাম গাবলৈ ধৰিলে৷ একান্তমনে গুৰু শঙ্কৰ মাধৱৰ নাম স্মৰণ কৰি ভকতসকলে কলীয়া ঠাকুৰৰ নাম ললে৷ তালীয়াই তাল বজালে, খুলীয়াই খোল বালে, ৰাইজে হাত চাপৰি ধৰিলে৷ গিৰ্ গিৰ্ কৰি কীৰ্ত্তন ঘৰত বৰসবাহ বহি গ’ল৷ নামৰ ধবনি শুনি বৰপেটাবাসী লৰা-তিৰুতাৰ মনত আনন্দ আৰু উছাহ হ’ল৷ ভকতসকলে প্ৰভু কৃষ্ণৰ লীলাবিলাক গালে৷ ওৰে নিশা অখণ্ড প্ৰদীপৰ আগত কীৰ্ত্তন ঘৰত বৰসবাহ হ’ল৷
ইফালে সেই নিশা বদনৰামে ডেকাবিলাকক গোট খুৱালে৷