তেওঁৰ পৰিয়ালৰ ভিতৰত মুঠেই তেওঁৰ সহধৰ্ম্মিণী আৰু পুতেক বদনৰাম আছিল৷ বাপেকৰ দৰে বদনৰামো সৰুৰে পৰা মালযুঁজ কৰা, তৰোৱাল খেলা ইত্যাদি বিদ্যা শিকিছিল৷ তেওঁৰ ঘৰত ভালেমান যুদ্ধৰ অস্ত্ৰও আছিল৷
আন আন মুখিয়াল মানুহৰ ঘৰলৈ যোৱাৰ দৰে সেই দিনা তেওঁৰ ঘৰলৈকো তেওঁৰ ফলীয়া মানুহবিলাক গৈছিল আৰু তেওঁৰ পৰামৰ্শ সুধিলে৷ সমুখত মহৎ বিপদ দেখি বদন চৌধাৰীয়ে অনাথ চৌধাৰী আৰু লক্ষ্মীকান্ত বৰুৱাক দিহা সুধিলে৷ শান্তশীল অনাথ চৌধাৰীয়ে আন আন বুঢ়াৰ দৰে বদনৰামক কেৱল ঈশ্বৰৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিবলৈ কলে৷ গাত তেজ থকা ডেকা লক্ষ্মীকান্তই কিন্তু বদন চৌধাৰীক মানৰ বিপক্ষে অস্ত্ৰ ধৰিবলৈ দিহা দিলে আৰু তেৱোঁ মানৰ লগত যুঁজিব বুলি কলে৷ ডেকা বদনে ডেকা লক্ষ্মীকান্তৰ উপদেশকে উচিত যেন বিবেচনা কৰি মানৰ লগত যুঁজ কৰাটোকে থিৰ কৰি বৰপেটীয়া ডেকাবিলাকক আৰু তেওঁৰ দলৰ মানুহবিলাকক উত্তেজিত কৰিলে৷ লক্ষ্মীকান্তয়ো কনৰা আৰু আন আন বাজে গাৱঁৰ ডেকাবিলাকক উত্তেজিত কৰি মানৰ বিপক্ষে অস্ত্ৰ ধৰিবলৈ সাজু কৰিলে৷ আৰু তেওঁবিলাক দুয়ো লগলাগি বৰপেটাৰ মুখিয়াল মানুহসকলক উত্তেজিত কৰি ফুৰিবলৈ ধৰিলে৷ তেওঁবিলাকৰ উত্তেজিত বাক্যত কিন্তু মেলুৱই সকলে হয়ভৰ নিদিলে৷ কিন্তু বৰপেটাৰ ভাল সাহিয়াল সাহিয়াল দুশমান ডেকা তেওঁবিলাকৰ লগ লাগিল৷ তেওঁবিলাকে কীৰ্ত্তন ঘৰৰ মেললৈ গ’ল আৰু