পৃষ্ঠা:Manomati.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কেৱলীয়া সকলে এইদৰে দুপৰীয়া জান দিয়াৰ পিছত সেই দিনাখন ভাটীবেলিয়া গোটেইখন বৰপেটাতে উখল মাখল লাগিল৷ দূৰৈ ঠাইৰ পৰা পলাই অহা মানুহবিলাকৰ মুখে মান উজাই অহা কথা শুনি বৰপেটাৰ সকলোবিলাক সাধাৰণ মানুহেই ভয়তে আতুৰ হৈ জুমাজুমি কৰি তেওঁবিলাকৰ দলৰ মুখিয়াল মানুহসকলৰ ঘৰে ঘৰে গৈ দিহা পৰামৰ্শ সুধিলে৷ মুখিয়ালসকলে সাধাৰণ মানুহৰ মুখে এইবিলাক কথা শুনি আকৌ সাত ভাৰস্তৰ দলাদলি মেলহে উলিয়ালে৷ সমুখৰ ঘোৰ বিপদত যে কি কৰা যুগুত তাৰ একো পৰামৰ্শ দিব নোৱাৰিলে৷

 আমাৰ লক্ষ্মীকান্ত আৰু অনাথ চৌধাৰী যাৰ ঘৰত আছিল সেই সময়ত তেৱোঁ বৰপেটাৰ দলৰ এজন প্ৰধান নায়ক আছিল৷ তেওঁ অৰ্থাৎ বদনৰাম হাদিৰী চকিৰ ৰণত মৰা বীৰ কৃষ্ণৰাম কলিতাৰ পুতেক আছিল৷ বাপেকৰ দৰে বদনৰামৰ গাতো বল, হৃদয়ত সাহ আৰু নিজৰ দেশলৈ মৰম আছিল৷

 মান যেতিয়া গুৱাহাটীলৈ আহে সেই সময়ত তেওঁৰ বাপেক বীৰ কৃষ্ণৰাম কিবা এটা সকামত গুৱাহাটীলে গৈছিল৷ তেওঁ তাতে থকাতেই নতুনকৈ পতা বৰফুকনৰে আৰু মানৰে ৰণ লাগে৷ বীৰ কৃষ্ণৰামে সেই যুঁজত ৰজাৰ ফলীয়া হৈ যুঁজিছিল৷ গুৱাহাটীত মানৰ যুঁজত হাৰি তেওঁ ৰজাৰ লগতে পলাই গৈ ৰজাৰ ফলীয়া হৈ আকৌ হাদিৰাত মানে সৈতে যুঁজিছিল৷ সেই যুঁজত তেওঁ প্ৰাণত্যাগ কৰিছিল৷