মনোমতী
বৰনগৰীয়া চণ্ডীবৰুৱাৰ টোলটো আজিকালি “বৰুৱাবাৰি” বোলা ঠাই ডোখৰত মানাহ নদীৰ পাৰত আাছিল। তেওঁৰ টোলটোৰ চাৰিউফালে প্ৰায় চাৰিহাত ওখ চাৰিপুৰা মাটিৰ বেৰৰ এটা ইটাৰ গড়। সেই গড়ৰ ঘাই দুৱাৰমুখ দক্ষিণৰ ফালে। পূব, পশ্চিম আৰু উত্তৰেও এটা এটা দুৱাৰমুখ। উত্তৰৰ দুৱাৰমুখটোৱেদি বৰুৱাৰ ঘৰৰ মানুহবিলাক নৈলৈ ওলোৱা সোমোৱা কৰিছিল; আৰু দুই কাষৰ ইদুটা দুৱাৰমুখেদি গড়ৰ বাহিৰে থকা হাউলিলৈ ওলোৱা সোমোৱা কৰিছিল। ঘাই দুৱাৰমুখত এটা পকা বাটঘৰ আছিল। এই বাট ঘৰটোৰ বেৰবিলাক শিলেৰে গঁথা আৰু ওপৰৰ চাতখন ইটাৰ। সেই চাতখনক বৰ বৰ ইটাৰ থামে ধৰি আছিল।
গড়ৰ দক্ষিণ দুৱাৰমুখেদি গড়ৰ ভিতৰলৈ সোমাই গলে পোনেই এটা বহল আৰু ওখ আলি পায়। সেই আলিৰ দুয়োকাষে দুটা চাৰিচুকীয়া পুখুৰী। সেই পুখুৰীৰ আলিৰ দুয়ো কাষৰ পাৰ দুটাত নাৰিকলৰ গছ শাৰী শাৰীকৈ ৰোৱা। পুখুৰী দুটাৰই তিনিটা পাৰত নানা তৰহৰ ফুলৰ গছ— শেৱালী, ৰঙ্গিয়াল বাগী, গোলাপ, টগৰ। পুখুৰী দুটাৰ মাজৰ আলিটোৱেদি গলে বৰুৱাৰ চৰাঘৰৰ টুপ পায়। চৰাঘৰটো ডাঙৰ। ঘৰটো খেৰী দুচলীয়া আৰু এটা টুপ লগোৱা। চৰাঘবৰ পাছবেৰৰ দুয়ো