মোৰ প্ৰভু ক’লীয়া ঠাকুৰে যেন মূৰত ম’ৰাৰ চূড়া, হাতত মোহন মুৰুলী, কটিত পীতবস্ত্ৰ আৰু পাৱত নেপুৰ পিন্ধি ছয় সাত বছৰীয়া লৰা এটাৰ দৰে কীৰ্ত্তন ঘৰৰ পৰা ওলাই আহিছে৷ আৰু হালিজুলি যেন পচিমৰ ফালে যাবলৈ ধৰিলে৷ এনেতে মই যেন তেওঁক বাটত লগ পাই সুধিলো —“মোৰ প্ৰভু! তুমিনো কলৈ যোৱা৷ আমাক নো এৰি যোৱানে?” মোৰ প্ৰভুৱে যেন কলে—“ককাই৷ মই ইয়াৰ গড়ালত বান্ধ খাই থাকি ভাল নালাগি অলপ পৰ বাহিৰলৈ ফুৰিবলৈ ওলাই আহিছোঁ আৰু মই এইবাৰ কেইটামান দিনলৈ উলটি নাহোঁ৷” এই কথাৰ পিছতে মই সাৰ পালোঁ। বাপ! কওকচোন সঁচাকৈয়ে মোৰ কলীয়া ঠাকুৰে আমাৰ এই থান এৰিলে নে কি? ” এইবুলি কমল আতৈয়ে চকু চলচলীয়া কৰিলে৷
কমল আতৈৰ এই সপোনৰ কথা এটাইবিলাক ভকতে তবধ মনেৰে শুনিলে৷ তেওঁ সপোনৰ কথা কৈ এটালত সত্ৰীয়াই গম্ভীৰ ভাৱে ভকতসকলক কলে—“আতৈ সকল! কমল আতৈয়ে যি কলে তাক শুনিলে৷ এতিয়ানো এই সপোনৰ অৰ্থ কি কওকচোন৷” সত্ৰীয়াৰ এই কথা শুনি ভকতবিলাকে নানাৰকমে সপোনৰ ফল ব্যাখ্যা কৰিবলৈ ধৰিলে৷ কেৱে কেৱে দীঘল দীঘল বক্তৃতা কৰিলে৷ সকলোৰে এইদৰে পণ্ডিতালি দেখুউৱা হলত সত্ৰীয়াই কলে-—“আতৈ সকল! সপোনৰ ফল ভালেই হওক বা বেয়াই হওক আমাৰ এটা কাম কৰা যুগুত৷ জানাই দেখোঁ, সৱাতো সাৰ বেদ বেদাঙ্গ, হৰিৰ নামে কৰে