পৃষ্ঠা:Manomati.pdf/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটি সপোন
২৩৩

খোজাৰ অলপ আগখিনিতেই তেওঁ এনিশা মাক-বাপেক শুই থাকোঁতে একেখন চুৰীয়াৰে সৈতে ঘৰৰ পৰা ওলাই পলাল আৰু বৰপেটালৈ আহি মহাপুৰুষীয়া ধৰ্ম্ম লৈ তেওঁৰ তাপিত প্ৰাণক শীতল কৰি বৰপেটা সত্ৰৰ এজন কেৱলীয়া ভকত হৈ ৰ’ল৷

 কমল আতৈৰ চৰিত্ৰও হেনো অতি নিৰ্ম্মল আছিল৷ সোণত মলি থাকিলেও কমল আতৈৰ চৰিত্ৰত মলি নাছিল৷ তেওঁ মানুহটোও সৰল চিত্তৰ আছিল আৰু এই বিলাক কাৰণে সত্ৰীয়াই আৰু ভকত সকলে তেওঁক বৰ মৰম কৰিছিল৷ সদ্‌- গুৰুৰ উপদেশত তেওঁ অতি কম বয়সৰে পৰা (নিজে একো লিখাপঢ়া নাজানিলেও) ধৰ্ম্মৰ গুঢ় তত্ত্ববিলাক চিকণকৈ বুজিছিল৷

 সত্ৰীয়াৰ আদেশ পাই কমল আতৈয়ে কলে  “বাপ! আজি নিশা পুৱাওঁ পুৱাওঁ হওঁতে মই এটা সপোন দেখিলো৷ মই দেখিলো যেন ওপৰৰ স্বৰগত দুটা সূৰ্য্য আছে এটা যেন পূবৰ ফালে ওলাইছে আৰু এটা যেন মাৰ যাওঁ যাওঁ হবলৈ ধৰিছে৷ মাৰ যাবলৈ ধৰা সূৰ্য্যটোৰ এনেহে তাপ যেন সেই তাপতে আমাৰ গোটেইখন বৰপেটাতে জুই লাগি গৈছে৷ চাই থাকোঁতে চাই থাকোঁতে যেন পচিমৰ সূৰ্য্যটো মাৰ গ’ল৷ বৰপেটাও যেন পুৰি এটালে৷ তাৰ পিছত যেন পূবৰ সূৰ্য্যটো লাহে লাহে জ্বলিবলৈ ধৰিলে আৰু অৱশেহত ফটফটিয়াকৈ জ্বলি উঠিল৷ কীৰ্ত্তন ঘৰটোত যেন পচিমৰ সূৰ্য্যটো যাবলৈ ধৰোঁতে জুই লাগিল৷ দিনতে যেন কাউৰী শগুনে আৰাৱ কৰিলে৷