বিষয়ে আলোচনা হ’ল৷ কোনে ক’ত কীৰ্ত্তন ঘৰৰ ধন খালে, কোনে ক’ত অপকৰ্ম্ম কৰিলে এইবিলাক বিচাৰ হবলৈ ধৰিলে৷ এই দৰে অনেক কথাবতৰা হোৱাৰ পিছত কমল আতৈ নামেৰে এজন ভকতে সত্ৰীয়াক কলে—“বাপ! এটা কথা নিবেদন কৰিব খোজোঁ৷” সত্ৰীয়াই কলে—“কি কথা, কমল?”
পাঠক! এই খিনিতে আমি কমল আতৈৰ আগগুৰি চিনাকি দিওঁ৷ কমল আতৈ হেনো নামবৰভাগৰ মানুহ আছিল৷ তেওঁ কোন গাৱঁত উপজিছিল, তেওঁৰ মাক বাপেকৰ কি নাম আছিল সেই বিষয়ে আমি একো নেজানো৷ মুঠতে আমি এইটো জানো যে তেওঁ নামবৰভাগ মৌজাৰ কোনো এক গাৱঁৰ মানুহ আছিল৷ তেওঁ সৰুৰে পৰা হেনো বৰ মৰমিয়াল চিত্তৰ আৰু চিন্তাশীল বিধৰ লোক আছিল৷ তেওঁ সদায় ন্যায় আৰু নিষ্ঠাত চলিছিল৷ সৰুতে তেওঁ কিছুমান দিন মাছ-মাংস খাইছিল৷ এদিন তেওঁৰ লগৰ লৰা এজনে তেওঁৰ আগতে বাটলু গুটিৰে এটা মতা কপৌ চৰাই মৰাত মাইকীজনীয়ে দিনৰ দিনটো একো আহাৰ নোখোৱাকৈ আৰাৱ কৰি উৰি ফুৰা দেখি হেনো তেওঁৰ মনত বৰ শেক হ’ল আৰু মাংস খালে যে মানুহ কেনে নিমৰমিয়াল হৈ জীৱহত্যা কৰে এই কথা ভাবি তেওঁ সেই দিনাৰে পৰা মাংস ত্যাগ কৰিছিল৷ যৌৱনৰ লগে লগে কমল আতৈৰ চিন্তাও বেচি হবলৈ ধৰিলে৷ অনেক গমিভাবি তেওঁ বুজিলে গৃহস্থী কৰাটো বৰ জঞ্জাল৷ সেই দেখি তেওঁলৈ মাক-বাপেকে ছোৱালী