পলাই যোৱা সেই মানুহদুটাই গৈ ডেভিড্চন্ ছাহাবৰ আগে আগে পলাই অহা মানজাকক মইনবৰিতে লগ পাই সিহঁতৰ অসমীয়া মানুহৰ হাতত বিলই-বিপত্তিৰ কথা ক’লে৷ “আঠাৰটা মান অসমীয়া মানুহে মাৰিলে”, এই কথা শুনি সকলোবিলাক মানেই বলিয়া কুকুৰৰ দৰে জকি উঠিল৷ আৰু সিহঁতৰ সেই একেলগে থকা বাৰশ মান দুজাক হৈ এজাক চাউলখোৱা পাৰ হৈ জৈনা চাপৰিৰ ফালেদি বৰপেটালৈ আহিবলৈ ধৰিলে৷ এজাক ব্ৰহ্মপুত্ৰৰ দাতিৰে কনৰা গাৱেঁদি আহিবলৈ ধৰিলে৷
মান কনৰা গাওঁ আহি পোৱাৰ আগেয়ে গাৱঁৰ মানুহ বিলাকে সেই কথা বুজি পালে৷ সকলোৱে লৰি গৈ অনাথ চৌধাৰীক জনালে৷ অনাথ চৌধাৰীয়েও সেই কথা শুনি মানৰ উপদ্ৰৱৰ পৰা লৰা তিৰুতাক সৰুৱাবলৈ মন কৰি ততালিকে দোলা আৰু পাল্কীৰে তিৰুতাবিলাকক লৈ আৰু নিজে হাতী বন্ধাই শান্তিৰাম ভকত আৰু লক্ষ্মীকান্ত ডেকা বৰুৱাক লগত লৈ বৰপেটাৰ ফালে খোজ ললে৷ গাৱঁৰ আন আন মানুহেও লৰা তিৰুতা লৈ ঘৰৰ য’ৰে বস্তু ত’তে পেলাই থৈ অনাথ চৌধাৰীৰ পাছে পাছে বৰপেটালৈ লৰ ধৰিলে; আৰু গধূলি হোৱাৰ অলপ আগখিনিতে বৰপেটা পাই তেওঁ সপৰিবাৰে তেওঁৰ ভালে দিনৰ চিনাকি বন্ধু বদন চৌধাৰীৰ ঘৰত আশ্ৰয় ললে৷ গাৱঁৰ আন আন মানুহেও যেয়ে য’তে পালে সেয়ে ত’তে এমুঠি এমুঠি খাই পৰি থাকিল৷